চিটাৰা ডেস্ক, 20 নৱেম্বৰ:এই সময়চোৱাত সমগ্ৰ দেশতে এক দুখৰ পৰিৱেশে বিৰাজ কৰিছে । বিশ্বকাপ ২০২৩ ৰ ফাইনেলত পৰাস্ত হৈছে টিম ইণ্ডিয়া ৷ ইয়াৰ লগে লগে স্বপ্ন ভগ্ন হৈছে খেলুৱৈ আৰু অনুৰাগীৰ । বিৰাট কোহলীৰ পৰা আৰম্ভ কৰি ৰোহিত শৰ্মা আৰু ছিৰাজ এই মেচত পৰাস্ত হোৱাৰ পিচতে আবেগিক হৈ পৰা দেখা গৈছিল । ইফালে এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত বিৰাটৰ পত্নী অনুষ্কা শৰ্মাই স্বামীক সাৱটি ধৰা দেখা গৈছে ।
বিৰাটক সাৱটি ধৰিলে অনুষ্কাই
ভাইৰেল ফটোখনত অনুষ্কা শৰ্মাই স্বামী বিৰাট কোহলীক সাৱটি ধৰা দেখা গৈছে । ফটোখনত অনুষ্কাৰ মুখত দুখ স্পষ্টকৈ দেখা গৈছে, যিখন ফটো দেখি আবেগিক হৈ পৰিছে অনুৰাগীও । ফটোখনক লৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।
এজন ব্যৱহাৰকাৰীয়ে লিখিছে- এই দুয়োগৰাকীয়ে প্ৰমাণ কৰিছে যে ‘আমি একেলগে আছো’ । আন এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে - ‘‘অনুষ্কাই বিৰাটক যিদৰে সমৰ্থন কৰে সেয়া সঁচাকৈয়ে হৃদয়স্পৰ্শী ।’’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে - ‘‘সকলোকে অনুষ্কাৰ দৰে জীৱন সংগীৰ প্ৰয়োজন যিয়ে আপোনাৰ সুখ-দুখত সদায় আপোনাৰ লগত থাকিব, বিৰাট কোহলী অতি ভাগ্যৱান ।’’