চিটাৰা ডেস্ক, 30 জানুৱাৰী : অনুৰাগ কাশ্যপ আছিল সেই চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত এজন যিয়ে সুশান্ত সিং ৰাজপুতৰ সৈতে সহযোগিতা কৰিব বিচাৰিছিল যদিও বিভিন্ন কাৰণত এইয়া সম্ভৱ হৈ নুঠিল । সঞ্জয় লীলা ভাঞ্চালীৰ দৰেই গেংছ অৱ ৱাছিপুৰৰ নিৰ্মাতায়ো সুশান্ত সিং ৰাজপুতৰ সৈতে কাম কৰিবলৈ বিচাৰি ফুৰিছিল যদিও তেওঁলোক সফল নহ’ল ।
দেৱ ডিৰ অভিনেতা অভয় দেউলৰ সৈতে থকা মতানৈক্যৰ কথা মুকলিকৈ ক’লে অনুৰাগ কাশ্যপে । এটা ৱেবলয়ডৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত কাশ্যপে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে থকা তেওঁৰ সমীকৰণৰ বিষয়ে কয় (Anurag Kashyap on sushant singh rajput) । সুশান্ত সিং ৰাজপুতৰ বিষয়ে কোৱাৰ সময়ত কাশ্যপে কয় যে সুশান্তৰ দ্বাৰা প্ৰথমাৱস্থাত অৱহেলিত হোৱাৰ বাবে অভিনেতাজনক ক্ষোভত তেওঁ এৰাই চলিছিল যাব বাবে তেওঁ এতিয়া নিজকে দোষী অনুভৱ কৰে কাৰণ মৃত্যুৰ তিনি সপ্তাহ পূৰ্বে সুশান্তে তেওঁক লগ পাবলৈ চেষ্টা কৰিছিল ৷
অভয়ৰ সৈতে ৰাজহুৱাভাৱে হোৱা কাজিয়াৰ কথা মনত পেলাই পৰিচালকজনে কয় যে তেওঁক বহুত কথা উপলব্ধি কৰিবলৈ ডেৰ বছৰ সময় লাগিছিল । কাশ্যপে কয় যে তেওঁ অতি "প্ৰতিক্ৰিয়াশীল" আৰু খঙত যিকোনো কথা কয় । তেওঁ কয় যে, বহুত মানুহ থকা কোঠা এটাত চিঞৰি আছে যিটো কথা উপলব্ধি কৰিবলৈ তেওঁৰ সময় লাগিছিল । 50 বছৰীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে আৰু কয়, "কেৱল মোৰ কথাই নহয়, কোনেও কাৰো কথা শুনা নাই । ছ'চিয়েল মিডিয়া এনেকুৱাই হৈ পৰিছে । মই পিছুৱাই আহিলো । মই ভাবিলো, 'মই এইটোৰ প্ৰতি মই কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো ? মোক কিহে আমনি কৰিছে" ?
কাশ্যপে স্বীকাৰ কৰে যে তেওঁৰ কোনো ফিল্টাৰ নাই যদিও যোৱা কেইবছৰমানৰ পৰা তেওঁৰ বাবে বহু কথা সলনি হৈছে কাৰণ তেওঁ উপলব্ধি কৰিছে যে প্ৰায় সকলো কথাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজন নাই । "উদাহৰণস্বৰূপে মোৰ আৰু অভয়ৰ মাজত হোৱা সেই সম্পূৰ্ণ বিবাদটো । কোনোবাই এটা প্ৰবন্ধ লিখি আছিল যে অভয়ৰ দৰে এজন অতি ভাল অভিনেতা এতিয়া চিনেমাত কিয় নাই, আৰু মই মোৰ অভিজ্ঞতাৰ বিষয়ে কৈছিলো, যিটো 13 বছৰ আগতে ঘটিছিল । মই এইটো ৰাজহুৱাভাৱে কোৱাৰ প্ৰয়োজন নাছিল" ৷