অসম

assam

By

Published : Jun 21, 2023, 3:20 PM IST

ETV Bharat / entertainment

Anupam Kher Video: অনুপম খেৰৰ ডাঙৰ প্ৰতিশ্ৰুতি, বন্ধুৰ কন্যাক বলীউডত লঞ্চ কৰিব অনুপম খেৰে

অনুপম খেৰে প্ৰয়াত অভিনেতা সতীশ কৌশিকৰ কন্যা বংশিকাৰ সৈতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিচত অনুৰাগীয়ে প্ৰশংসা কৰে অভিনেতাগৰাকীৰ ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Anupam kher promise to launch Satish Kaushik daughter vanshika in Bollywood
বংশিকাক বলীউডত লঞ্চ কৰিব অনুপমে

চিটাৰা ডেস্ক, 21 জুন: বন্ধু সতীশ কৌশিকৰ মৃত্যুৰ পিচত অনুপম খেৰে সতীশৰ কন্যা বংশিকাক চোৱা-চিতা কৰি আছে । প্ৰায়ে বংশিকাৰ লগত সময় কটায় আৰু বংশিকাৰ সৈতে কিছুমান ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । শেহতীয়াকৈ অনুপম খেৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ বংশিকাক তেওঁৰ দৈনন্দিন কাম-কাজৰ বিষয়ে সুধি থকা দেখা পোৱা গৈছে । লগতে বংশিকাই পিতৃৰ বিষয়ে আটাইতকৈ কি বেছি মনত পৰে সেই বিষয়েও শ্বেয়াৰ কৰে ভিডিঅ’টোত ৷

ভিডিঅ’টো শ্বেয়াৰ কৰি অনুপম খেৰে লিখিছে - যোৱা সপ্তাহত বংশিকাই মোক লগ কৰিবলৈ মোৰ অফিচলৈ আহিছিল । য’ত আমি বহু কথা পাতিছিলো । য’ত স্কুল, পঢ়া-শুনা, চুলিৰ ষ্টাইল, মেক-আপৰ বিষয়েও আলোচনা কৰো । ইয়াৰ লগতে আমি তেওঁৰ পিতৃ আৰু মোৰ বিশেষ বন্ধু সতীশ কৌশিকৰ বিষয়েও আলোচনা কৰো । আমি ঘণ্টাৰো অধিক সময় কথা পাতিছিলো। বংশিকা এগৰাকী উজ্জ্বল আৰু মৰমলগা ছোৱালী । মই বংশিকাক বহুত মৰম কৰো ৷ তেওঁৰ পৰাও বহুত শিকিবলগীয়া আছে ।

বংশিকাক ৰাজকুমাৰী বুলি ক’লে অনুপমে

ভিডিঅ’টোৰ একেবাৰে আৰম্ভণিতে অনুপম খেৰে বংশিকাক ৰাজকুমাৰী বুলি কয়, ইয়াৰ পিচত বংশিকাই হাঁহিবলৈ আৰম্ভ কৰে । অনুপম খেৰে কয় যে সৰুতে তেওঁ দুখীয়া হ’লেও নিজকে ৰাজকুমাৰ বুলি গণ্য কৰিছিল। লগতে বংশিকাৰ সৈতে দৈনন্দিন কাম-কাজৰ বিষয়েও কথোকথন কৰে । বংশিকাই কয় যে তেওঁ ক্ৰাফটিঙত নিজৰ সময় কটায় ।

বংশিকাক বলীউডত লঞ্চ কৰিব অনুপমে

অনুপম খেৰে বংশিকাক ভিডিঅ’টোত লগতে প্ৰশ্ন কৰে যে ডাঙৰ হৈ অভিনেত্ৰী হ’ব বিচাৰে নেকি ? তেতিয়া বংশিকাই কয় মই এই বিষয়ে এতিয়া নাজানো ৷ অনুপম খেৰে কয় যে যদি আপুনি অভিনেতা হ’ব বিচাৰে তেন্তে মই আপোনাক অভিনেতা হ’বলৈ প্ৰশিক্ষণ দিয়াই নহয়, ছবি এখনত লঞ্চো কৰিম ।

অনুপম খেৰৰ কথা শুনি বংশিকাই হাঁহিবলৈ আৰম্ভ কৰে । অনুপম খেৰে এই বিষয়ত কৈছে- মই ছিৰিয়াছ, কিন্তু এতিয়া পঢ়াত মনোনিৱেশ কৰিব লাগিব । পৰীক্ষাৰ কথা কওঁতে বংশিকাই কয় যে তেওঁ গণিত আৰু ইংৰাজীত ভাল নম্বৰ পোৱা নাছিল যদিও হিন্দীত ভাল নম্বৰ লাভ কৰিছিল ।

অনুৰাগীয়ে প্ৰশংসা কৰিলে অভিনেতাগৰাকীৰ

অনুপম খেৰে বংশিকাক লঞ্চ কৰাৰ প্ৰতিশ্ৰুতিৰ পিচত অনুৰাগীয়ে অভিনেতাগৰাকীক যথেষ্ট প্ৰশংসা কৰিছে। অনুপমৰ পোষ্টটোত এজন অনুৰাগীয়ে লিখিছে - অনুপম জী বংশিকাৰ সৈতে আপোনাৰ ভিডিঅ’টো দেখি মই আনন্দিত হৈছো । আপুনি বহুত ভাল কৰি আছে । সদায় এনেকৈ তেওঁলোকৰ লগত থিয় হ’ব ।

উল্লেখ্য যে ১৫ জুলাই তাৰিখে বংশিকাৰ বয়স ১১ বছৰ হ’ব । অনুপম খেৰে বংশিকাৰ জন্মদিন উদযাপন কৰিব । বংশিকাৰ বাবে পাৰ্টি আয়োজন কৰিব বুলি কৈছে অনুপমে ।

লগতে পঢ়ক:Dipika Kakar: বিবাহৰ ৫ বছৰৰ পিচত মাতৃ হ’ল অভিনেত্ৰী দীপিকা কক্কৰ

ABOUT THE AUTHOR

...view details