চিটাৰা ডেস্ক, 16 এপ্ৰিল: সতীশ কৌশিকৰ ৬৭ সংখ্যক জন্মদিনত অনুপম খেৰে আয়োজন কৰে এক বিশেষ অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বি-টাউনৰ বহু চেলিব্ৰিটিয়ে (Satish Kaushik Night) । সতীশ কৌশিক নাইট নামেৰে নামকৰণ কৰা এই সংগীতানুষ্ঠানটিয়ে বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ বাবেও প্ৰয়াত অভিনেতাজনৰ স্মৃতি কঢ়িয়াই আনে (Anupam Kher breaks down in tears) ।
যশস্বী অভিনেতাগৰাকীৰ কন্যা বংশিকাই পিতৃৰ মৃত্যুৰ পিচত লিখা চিঠি এখন উচ্চস্বৰে পঢ়ি থকা দেখি সকলোৱে চকুলো টোকে (Satish Kaushiks birth anniversary) । ইফালে, অনুষ্ঠানটোৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত অনুপম খেৰে অনিল কাপুৰক মঞ্চলৈ মাতি অনাৰ সময়তে অনিল কাপুৰ আৰু অনুপম খেৰক হুমুনিয়াহ কাঢ়ি থকা দেখা গৈছে (Anil Kapoor at Satish Kaushik birth anniversary) ।
অনুপম খেৰে সতীশ কৌশিকৰ সৈতে শেহতীয়াকৈ হোৱা কথা-বতৰাৰ বিষয়ে অনুষ্ঠানটোত উপস্থিত থকা প্ৰত্যেকগৰাকী লোকক কোৱা দেখা গৈছে ভিডিঅ’টোত । ইয়াৰ পিচত অভিনেতাগৰাকীয়ে নিজৰ বন্ধু অনিল কাপুৰক মঞ্চলৈ উঠি আহিবলৈ কয় । অভিনেতাজনে প্ৰথমতে কিছু দ্বিধাবোধ কৰি চিৰিৰ পৰা নামি যায় যদিও শেষত হাৰ মানি চকুপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰি পুনৰ নিজৰ আসনলৈ উভতি যায় । আবেগিক হৈ অনিল কাপুৰে অনুপম খেৰৰ লগত যাবলৈ অস্বীকাৰ কৰে আৰু বন্ধু অনুপমক তেওঁৰ অবিহনে অনুষ্ঠানটো চলাই নিবলৈ অনুৰোধ কৰে ।