অসম

assam

By

Published : Mar 10, 2023, 12:42 PM IST

ETV Bharat / entertainment

Anupam Kher : ৪৫ বছৰীয়া বন্ধুত্ব হেৰুৱাই শোকত ভাঙি পৰিল অনুপম খেৰ

৪৫ বছৰ ধৰি বন্ধু সতীশ কৌশিকৰ মৃত্যুত চকুলো টুকিছে অনুপম খেৰে। আগদিনা হোলী উদযাপন কৰা কৌতুক অভিনেতা সতীশ কৌশিক হোলীৰ পিচদিনা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় (Satish Kaushik death)।

ANUPAM KHER BREAKS DOWN BEFORE SATISH KAUSHIKS DEAD BODY WATCH VIDEO
চকুলো টুকিছে অনুপম খেৰে

চিটাৰা ডেস্ক, 10 মাৰ্চ: হিন্দী ছবি জগতৰ বিখ্যাত পৰিচালক, প্ৰযোজক তথা কৌতুক অভিনেতা সতীশ কৌশিক এতিয়া আৰু আমাৰ মাজত নাই। আগদিনা হোলী উদযাপন কৰা বলিষ্ঠ অভিনেতাগৰাকী হোলীৰ পিচদিনা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় (Satish Kaushik death)। অভিনেতাগৰাকীয়ে মৃত্যুৰ পূৰ্বে ৬৬ বছৰ বয়সত বন্ধুবৰ্গৰ সৈতে মন খুলি হোলী উদযাপন কৰিছিল ৷ আগদিনা হোলী উদযাপন কৰা প্ৰবীণ অভিনেতাগৰাকীয়ে হয়তো অনুমানে কৰিব পৰা নাছিল পিচদিনা তেওঁৰ লগত কি হ’ব (Satish Kaushik holi celebration) ৷

যশস্বী অভিনেতাগৰাকীৰ মৃত্যুত সমগ্ৰ চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে ৷ চলচ্চিত্ৰ জগতৰ বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলে আৰু পৰিচালকসকলে ইতিমধ্যেই ছ’চিয়েল মিডিয়াযোগে শোক প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷ কিন্তু সতীশ কৌশিকৰ মৃত্যুত আটাইতকৈ দুখী হৈছে অভিনেতা অনুপম খেৰ (Satish Kaushik passes away) ।

কাৰণ অনুপম খেৰ আৰু সতীশ বহু বছৰৰ পৰা ভাল বন্ধু আছিল ৷ ইগৰাকীৰ সুখৰ সময়ত আনগৰাকী উপস্থিত আছিল আৰু আনগৰাকীৰ দুখৰ সময়ত ইগৰাকী উপস্থিত আছিল ৷ সেয়া সময়ৰ লগে লগে দুয়োৰে বন্ধুত্ব গাঢ় হ’ব ধৰিছিল ৷ সতীশ কৌশিকৰ ৰূপত নিজৰ আটাইতকৈ পুৰণি আৰু বিশেষ বন্ধুক হেৰুৱাই শোকত ভাঙি পৰিছে অনুপম খেৰ । অনুপম আৰু সতীশে কেৰিয়াৰ একেলগে আৰম্ভ কৰিছিল (Anupam Kher)।

নিমিষতে হেৰাই গ’ল ৪৫ বছৰীয়া বন্ধুত্ব

অনুপম আৰু সতীশ কৌশিকৰ বন্ধুত্ব এবছৰ কিম্বা দুবছৰৰ নাছিল ৷ তেওঁলোকৰ বন্ধুত্ব আছিল ৪৫ বছৰ পুৰণি ৷ কিন্তু ৪৫ বছৰীয়া বন্ধুত্বৰ হঠাৎ যেন অৱসান ঘটিল ৷ দীৰ্ঘদিনীয়া বন্ধুত্ব নিমিষতে শেষ হৈ যোৱাৰ অনুভৱ কেৱল অনুপম খেৰেহে বুজিব পাৰিব । সতীশৰ বিদায়ত চকুলো টুকিলে তাৰকা অনুপম খেৰে । শোকত ভাঙি পৰা অনুপমৰ সেই কান্দোন আৰু হুমুনিয়াহ কাঢ়ি থকাৰ দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ভাইৰেল ৷ ভাইৰেল ভিডিঅ’ত প্ৰত্যেক্ষ কৰা অনুসৰি নিজৰ বন্ধুৰ মৃতদেহৰ ওচৰত বহি কেৱল চকুলো টুকিছে অনুপমে (Anupam Kher and Satish Kaushik) ।

দুয়োগৰাকীয়ে একেলগে আৰম্ভ কৰিছিল ছবি জগতত নিজৰ যাত্ৰা

১৯৮৪ চনত অনুপম আৰু সতীশ কৌশিকে প্ৰথমবাৰৰ বাবে এখন ছবি একেলগে কৰিছিল । ১৯৮৭ চনত সতীশ আৰু অনুপমে পুনৰ একেলগে কাশ নামৰ ছবিত অভিনয় কৰে । ১৯৮৯ চনত সতীশ-অনুপমৰ যুটিয়ে ৰাম লাখান ছবিত ধুমুহাৰ সৃষ্টি কৰিছিল । ইয়াৰ পিচত এই যুটিটোক বহু ছবিত একেলগে দেখা পোৱা গৈছিল । দুয়োগৰাকীয়ে থিয়েটাৰ কৰিছিল আৰু অভিনয়ৰ দক্ষতাও নিখুঁত আছিল দুয়োৰে ।

সতীশ-অনুপমে এদিন এটা পাৰ্টিত খাদ্য খাবলৈ প্ৰৱেশ কৰিছিল

এবাৰ সতীশ কৌশিক আৰু অনুপম খেৰে এটা পাৰ্টিত খাদ্য খাবলৈ আমন্ত্ৰিত নোহোৱাকৈয়ে সোমাইছিল । পাৰ্টিত দুয়ো মনে মনে প্ৰৱেশ কৰি খাদ্য খাই গুচি গৈছিল । শেহতীয়াকৈ দুয়োৰে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া তীব্ৰ গতিত ভাইৰেল হৈ আছে ৷ ভাইৰেল ভিডিঅ’টোত অনুপম খেৰে বন্ধু সতীশৰ মূৰত মালিচ কৰি থকা দেখা পোৱা গৈছে ।

লগতে পঢ়ক:Satish Kaushik death: সতীশ কৌশিকৰ মৃত্যু সন্দৰ্ভত দিল্লী আৰক্ষী তদন্ত

ABOUT THE AUTHOR

...view details