চিটাৰা ডেস্ক, 11 এপ্ৰিল: শেহতীয়াকৈ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে ইটোৰ পিচত সিটোকৈ ভাবুকি লাভ কৰিছে ৷ অভিনেতাগৰাকীয়ে ই-মেইলযোগে ভাবুকি পত্ৰ পোৱাৰ পিচত পুনৰ সোমবাৰে মৃত্যুৰ ভাবুকি লাভ কৰে ৷ সোমবাৰে মুম্বাই আৰক্ষীয়ে ৰাজস্থানৰ এজন ব্যক্তিৰ ফোন লাভ কৰে আৰু লোকজনে চলিত মাহৰ শেষৰ ফালে ছুপাৰষ্টাৰগৰাকীক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে । এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়ে (Death threat to Salman Khan from Rahasthan) ।
আৰক্ষীয়ে জনোৱা মতে, ৰাজস্থানৰ যোধপুৰৰ পৰা নিজকে ৰকি ভাই বুলি পৰিচয় দিয়া এজন ব্যক্তিৰ ফোন কল লাভ কৰিছিল মুম্বাই আৰক্ষীয়ে আৰু লোকজনে অভিনেতাগৰাকীক ৩০ এপ্ৰিলত হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে । মুম্বাই আৰক্ষীয়ে কয়, "সোমবাৰে আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ এটা ফোন কল আহিছিল ৷ ফোন কলটোত ৰাজস্থানৰ যোধপুৰৰ পৰা নিজকে ৰকি ভাই বুলি পৰিচয় দিয়া এজন লোকে অভিনেতা ছলমান খানক হত্যা কৰাৰ ভাবুকি দিছিল । অধিক তদন্ত অব্যাহত আছে’’ ।
উল্লেখ্য যে, মাৰ্চ মাহত ছুপাৰষ্টাৰগৰাকীয়ে ই-মেইলযোগে মৃত্যুৰ ভাবুকি লাভ কৰিছিল ৷ ইয়াৰ পিচত মুম্বাই আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল (Another death threat to Salman Khan)। ভাইজানৰ ঘনিষ্ঠ সহযোগীলৈ প্ৰেৰণ কৰা এই ই-মেইল ভাবুকিটোত শেহতীয়াকৈ মাফিয়া ডন লৰেন্স বিষ্ণৈয়ে এটা নিউজ চেনেলক দিয়া সাক্ষাৎকাৰৰ কথা উল্লেখ কৰা হৈছে আৰু ইয়াৰ দ্বাৰা দাবী কৰা হৈছে যে লৰেন্সৰ জীৱনৰ লক্ষ্য আছিল ছলমান খানক হত্যা কৰা ।