অসম

assam

ETV Bharat / entertainment

Animal Song: অৰিজিতৰ কণ্ঠত মুকলি এনিমেলৰ নতুন গীত, এবাৰ শুনিলে বাৰে বাৰে শুনিবলৈ মন যাব আপোনাৰো - এনিমেলৰ দ্বিতীয়টো গী

মুক্তি লাভ কৰিলে ৰণবীৰ কাপুৰৰ অভিনীত ছবি এনিমেলৰ দ্বিতীয়টো গীত ৷ গীতটোৰ নাম ‘সত্ৰংগা’ ৷ এই গীতটিত কণ্ঠদান কৰিছে অৰিজিৎ সিঙে ৷

Animals new song Satranga, sung by Arijit Singh is out now
এনিমেলৰ নতুন গীত মুকলি

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 4:18 PM IST

চিটাৰা ডেস্ক, 27 অক্টোবৰ: বৰ্তমান চৰ্চাত বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰৰ আগন্তুক ছবি ‘এনিমেল’ ৷ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা অনুৰাগীৰ মাজত এই ছবিখনক লৈ এক প্ৰচণ্ড উন্মাদনা দেখা গৈছে । ৰণবীৰৰ লগতে ৰশ্মিকা মান্দান্না আৰু অনিল কাপুৰকো এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । ইফালে এদিন পূৰ্বে ৰশ্মিকা আৰু নিৰ্মাতাই ঘোষণা কৰিছিল যে তেওঁলোকে আজি এই ছবিখনৰ নতুন গীত ‘সত্ৰংগা’ মুকলি কৰিব ৷ কথা মতেই কাম ৷ আজি মুকলি কৰিছে ‘সত্ৰংগা’ গীতটি ৷

আজি ইউ টিউবত নিৰ্মাতাই এনিমেলৰ ‘সত্ৰংগা’ গীতটো মুকলি কৰিছে । মুক্তিৰ লগে লগে ইণ্টাৰনেটত খলকনিৰ সৃষ্টি কৰিছে গীতটোৱে । এই গীতটিত কণ্ঠদান কৰিছে হাৰ্টথ্ৰব অৰিজিৎ সিঙে ৷ কৰৱা চৌথৰ ব্ৰতৰ আভাস দেখুওৱা হৈছে গীতটিত । য’ত ৰশ্মিকাই হাতত চালনী লৈ ৰণবীৰ কাপুৰলৈ চাই থকা দেখা যায় । ইফালে ছবিখনৰ পৰা ৰণবীৰৰ লুক ইতিমধ্যেই প্ৰকাশ পাইছে । দীঘল চুলিৰ ৰণবীৰৰ এই ষ্টাইল পূৰ্বৰ সকলো ছবিতকৈ পৃথক । ট্ৰেইলাৰত ৰণবীৰক দেখি এই ছবিখনৰ বাবে অনুৰাগীসকলে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

ইফালে ‘সত্ৰংগা’ গীতটি হৈছে এই ছবিখনৰ দ্বিতীয়টো গীত । ইয়াৰ পূৰ্বে ছবিখনৰ পৰা মুকলি হৈছিল প্ৰথমটো গীত ‘হোৱা মে’ ৷ এই গীতটি অনুৰাগীয়ে অতিকৈয়ে পছন্দ কৰিছিল ৷ এতিয়া ছবিখনৰ দ্বিতীয়টো গীতো অনুৰাগীয়ে পছন্দ কৰিছে ৷ গীতটি মুকলিৰ অলপ সময়ৰ ভিতৰতে লাভ কৰিছে লাখ লাখ ভিউজ ৷

উল্লেখ্য যে, এই ছবিখন পৰিচালনা কৰিছে সন্দীপ ভাংগা ৰেড্ডীয়ে । এই ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ৰশ্মিকাই ৰণবীৰ কাপুৰৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব । এইখিনিতে উল্লেখ কৰিব লাগিব যে কৰৱা চৌথৰ পূৰ্বে এই গীতটো মুক্তি দিছে নিৰ্মাতাই । কাৰণ ১ নৱেম্বৰত কৰভা চৌথৰ ব্ৰত পালন কৰা হ’ব । এনে পৰিস্থিতিত মাত্ৰ ৪ দিন পূৰ্বে এই গীতটি নিৰ্মাতাই মুক্তি দিছে ৷

লগতে পঢ়ক:Animal First Song Out: এনিমেলৰ প্ৰথমটো গীত মুকলি, ৰোমান্টিক মুডত ৰণবীৰ-ৰশ্মিকা

ABOUT THE AUTHOR

...view details