চিটাৰা ডেস্ক, ১০ ডিচেম্বৰ:ৰণবীৰ কাপুৰ অভিনীত আটাইতকৈ প্ৰত্যাশিত ছবি এনিমেল ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে ৷ সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত এনিমেল ছবিখনে মুক্তিৰ পিচতে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে ৷ ইটোৰ পিচত সিটোকৈ অভিলেখ ভংগ কৰিছে ছবিখনে ৷ এতিয়াও ধাৰাবাহিকভাৱে অব্যাহত আছে ছবিখনৰ উপাৰ্জন ৷ মুক্তিৰ ৯ দিনতো এনিমেলে ব্যাপক ধন উপাৰ্জন কৰিছে ৷ ভাৰতত অৰ্থাৎ ঘৰুৱা বক্স অফিচৰ সমান্তৰালকৈ ছবিখনে বিশ্বজুৰি ব্যাপক ধন উপাৰ্জন কৰিছে । ৰণবীৰ কাপুৰ আৰু ববি দেওল অভিনীত এনিমেল মুক্তিৰ দ্বিতীয় শনিবাৰে বিশ্বজুৰি কিমান ধন উপাৰ্জন কৰিছে জানো আহক এই প্ৰতিবেদনত ।
বিশ্বজুৰি ব্যাপক ধন উপাৰ্জন কৰিছে এনিমেলে
ৰণবীৰ কাপুৰ অভিনীত এনিমেল ছবিখনে ২০২৩ চনৰ বক্স অফিচ চাৰ্টত খলকনিৰ সৃষ্টি কৰিছে । এতিয়া পোহৰলৈ আহিছে ছবিখনৰ ৯ দিনৰ উপাৰ্জন ৷ দৰাচলতে এনিমেলৰ বিশ্বব্যাপী উপাৰ্জনৰ কথা ঘোষণা কৰিছে টি-ছিৰিজ ফিল্মছে । বিশ্বজুৰি এনিমেলৰ মুঠ উপাৰ্জন হৈছেগৈ ৬৬০.৮৯ কোটি টকা । এনিমেলৰ ৯ দিনীয়া বিশ্বব্যাপী উপাৰ্জনৰ পৰা ক’ব পাৰি যে অতি সোনকালেই এই ছবিখনে পাঠান-জৱানৰ অভিলেখ ভংগ কৰি এক নতুন অভিলেখ গঢ়িব । উল্লেখ কৰিব লাগিব যে, এনিমেল এনেকুৱা এখন ছবিখন, যিখন ছবিয়ে চেঞ্চৰ ব’ৰ্ডৰ পৰা A চাৰ্টিফিকেট লাভ কৰাৰ পিচতো ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ।