চিটাৰা ডেস্ক, 30 নৱেম্বৰ:ৰণবীৰ কাপুৰৰ ‘এনিমেল’ এই বছৰৰ অন্যতম প্ৰত্যাশিত ছবি । সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ ট্ৰেইলাৰ, গীত আৰু পোষ্টাৰ মুক্তি পোৱাৰ পিচৰে পৰা ছবিখনক লৈ অনুৰাগীৰ মাজত উন্মাদনা দেখা পোৱা গৈছে । অৱশেষত কাইলৈ ছবিগৃহত মুক্তি পাব ছবিখন । কিন্তু ছবিখনৰ মুক্তিৰ পূৰ্বেই অগ্ৰিম বুকিঙেৰে বাম্পাৰ ব্যৱসায় কৰিছে এনিমেলে । এই প্ৰতিবেদনত জানো আহক ‘এনিমেল’ৰ প্ৰথম দিনটোৰ বাবে এতিয়ালৈকে আগতীয়াকৈ কিমান টিকট বুকিং কৰা হৈছে আৰু ইয়াৰ পৰা ছবিখনে কিমান টকা উপাৰ্জন কৰিছে ।
‘এনিমেল’ৰ এডভান্স বুকিং ৰিপৰ্ট
দিনক দিনে বাঢ়িছে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ উন্মাদনা । অনুৰাগীৰ মাজত দেখা পোৱা উন্মাদনাৰ পৰা ক’ব পাৰি যে প্ৰথম দিনাই বক্স অফিচত ছবিখনে ভংগ কৰিব পাৰে বহু অভিলেখ । মন কৰিবলগীয়া যে ছবিখন মুক্তি পোৱাৰ ৬ দিন আগতেই ‘এনিমেল’ৰ অগ্ৰিম বুকিং আৰম্ভ হৈছিল আৰু প্ৰি-টিকট বিক্ৰীতো ছবিখনে অভিলেখ গঢ়িছে ।
- SACNILC ৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে এতিয়ালৈকে ‘Animal’ ৰ ৭ লাখ ৪৫ হাজাৰ ৯৯২ টা টিকট বিক্ৰী হৈছে ।
- প্ৰতিবেদন অনুসৰি এতিয়ালৈকে ‘এনিমেল’ৰ হিন্দী ২ ডিত ১০৭০৩ টা শ্ব’ৰ বাবে অগ্ৰিম ৫ লাখ ৭৫ হাজাৰ ১৯৭ টিকট বিক্ৰী হৈছে আৰু ইয়াৰ সৈতে ছবিখনে ১৭ কোটি ১৬ লাখ ৫০ হাজাৰ ৭৫১ টকাতকৈ অধিক ধন সংগ্ৰহ কৰিছে ।
- এনিমেলৰ তেলুগু সংস্কৰণে ২ কোটিতকৈ অধিক ব্যৱসায় কৰিছে আৰু এনিমেল প্ৰথম দিনৰ বাবে এতিয়ালৈকে ১৫০৩ টা শ্ব’ৰ ১৬৩৩৬১ টা টিকট বিক্ৰী কৰিছে ।
- তামিল ভাষাত এনিমলে ১২৪ টা শ্ব’ত ৫৮৬১ টা টিকট বিক্ৰী কৰি ৭ লাখ ১৬ হাজাৰ টকাৰো অধিক উপাৰ্জন কৰিছে ।
- এনিমেলৰ কানাড়া সংস্কৰণৰ বাবে এতিয়ালৈকে ১৫৫৩ খন টিকট বিক্ৰী হৈছে আৰু ইয়াৰ উপাৰ্জন হৈছে ১ লাখ ৯৫ হাজাৰতকৈও অধিক ।
- ইয়াৰ লগে লগে মুক্তিৰ পূৰ্বেও ‘এনিমেল’ এ এডভান্স বুকিং কৰি ১৯.৭ কোটি টকা উপাৰ্জন কৰিছে ।