চিটাৰা ডেস্ক, ৪ ডিচেম্বৰ : ‘এনিমেল’ ছবিখনে মুক্তিৰ পাচতে বক্স অফিচত চুনামিৰ সৃষ্টি কৰিছে ৷ এই ছবিখনত ৰণবীৰক ইয়াৰ পূৰ্বে কোনো দিনে নেদেখা অৱতাৰত দেখা পোৱা গৈছে ৷ যাৰবাবে দৰ্শকৰ পৰা ছবিখনে যথেষ্ট সঁহাৰি লাভ কৰিছে আৰু বক্স অফিচত ছবিখনে প্ৰত্যেক দিনা নতুন নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । সেয়েহে, মুক্তিৰ তিনিদিনত এই ক্ৰাইম ড্ৰামা ছবিখনে ঘৰুৱা বক্স অফিচত ২০০ কোটিৰো অধিক ধন উপাৰ্জন কৰিছে। আগতীয়াকৈ বুকিঙৰ পৰাও ছবিখনে যথেষ্ট ধন উপাৰ্জন কৰিছে । জানো আহক 'এনিমেল'ৰ চতুৰ্থ দিনৰ বাবে কিমান অগ্ৰিম বুকিং কৰা হৈছে ।
চতুৰ্থ দিনা 'এনিমেল'ৰ অগ্ৰিম বুকিং ৰিপ’ৰ্ট কেনেকুৱা ?
৬৩.৮ কোটি টকাৰে মুকলি হোৱা এই ছবিখনে উইকেণ্ডত সকলো অভিলেখ ভংগ কৰে । ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি শনিবাৰে ছবিখনে ৬৬.২৭ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে দেওবাৰে ছবিখনৰ উপাৰ্জন হৈছে ৭২.৫০ কোটি টকা । ইয়াৰ লগে লগে ছবিখনে তিনিদিনত ভাৰততে উপাৰ্জন কৰে ২০২.৫৭ কোটি টকা । ছবিখনৰ প্ৰতি দৰ্শকৰ উন্মাদনা দেখিলে ক’ব পাৰি যে সোমবাৰেও ছবিখনে উত্তম ব্যৱসায় কৰিব বুলি আশা কৰা হৈছে । বৰ্তমান ছবিখনৰ সোমবাৰ অৰ্থাৎ মুক্তিৰ চতুৰ্থ দিনৰ অগ্ৰিম বুকিঙৰ পৰিসংখ্যাই এই কথা নিশ্চিত কৰিছে ।
- ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি চতুৰ্থ দিনা অগ্ৰিম বুকিং কৰি প্ৰায় ১১ কোটি টকা উপাৰ্জন কৰিছে এনিমেলে ।
- ছবিখনৰ চতুৰ্থ দিনৰ এডভান্স বুকিঙৰ পৰিসংখ্যা অতি উত্তম । এনে পৰিস্থিতিত সোমবাৰে বক্স অফিচত ‘এনিমেল’ ছবিখনে কিমান কোটি টকা সংগ্ৰহ কৰিব সেয়া লক্ষণীয় হ’ব ।