অসম

assam

ETV Bharat / entertainment

ছবিগৃহত টিকটৰ নাটনি, এতিয়া ২৪/৭ ছবিগৃহত চলিব এনিমেলৰ দৰ্শনী - ৰণবীৰ কাপুৰ

Animal Midnight Early Morning Shows: এনিমেল ছবিখনক লৈ অনুৰাগীৰ মাজত আচৰিত ধৰণৰ উন্মাদনা দেখা গৈছে । যাৰ বাবে ছবিগৃহত টিকটৰ নাটনি হৈছে । ইয়াৰ বাবেই এতিয়া ছবিগৃহৰ মালিকসকলে মাজনিশা আৰু পুৱাৰ শ্ব’ৰ বাবে বুকিং মুকলি কৰিছে ।

Animal 24x7 In Cinemas, Ranbir Kapoors starrer film To Screen From 530 AM To 2 AM Midnight
ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ চাহিদা বৃদ্ধি

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 10:47 AM IST

চিটাৰা ডেস্ক, ৩ ডিচেম্বৰ: দেশজুৰি এতিয়া ৰণবীৰ কাপুৰৰ ছবি এনিমেলৰ জ্বৰ । সন্দীপ ৰেড্ডী ভাংগাৰ এই হিংসাত্মক ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছে ব্য৷পক সঁহাৰি । ছবিগৃহত সকলো দৰ্শনী হাউচফুল চলি আছে ।

ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ চাহিদা বৃদ্ধি

এই ছবিখনে বক্স অফিচত ইমানেই ভাল ব্যৱসায় কৰি আছে যে এতিয়া টিকটৰ অভাৱ হৈছে । দৰাচলতে মুম্বাইত এনিমেল ছবিখনক লৈ পৰিস্থিতি এনেকুৱা হৈছে যে চিনেমাৰ টিকটৰ নাটনি হৈছে ছবিগৃহত । ইয়াৰ বাবেই এতিয়া ছবিগৃহৰ মালিকসকলে মাজনিশা আৰু পুৱাৰ শ্ব’ৰ বাবে বুকিং মুকলি কৰিছে ।

মুম্বাইত পুৱা ২ বজাত আৰু ৫ বজাৰ দৰ্শনী আৰম্ভ কৰিবলগীয়া হ’ল

উল্লেখ্য যে, এতিয়া মুম্বাইৰ ছবিগৃহত 'এনিমেল'ৰ দৰ্শনী পুৱা ১ বজাত, পুৱা ২ বজাত আৰু তাৰ পিচত পুৱা ৫:৩০ বজাৰ পৰা আৰম্ভ হ’ব । অৰ্থাৎ ২৪/৭ ছবিগৃহত চলিব এনিমেলৰ শ্ব’ ।

ছবিখনৰ বক্স অফিচ সংগ্ৰহ

ছবিখনৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে মুক্তিৰ দিনটোত বিশ্বজুৰি ১১৬ কোটি টকা উপাৰ্জন কৰি বক্স অফিচত আলোড়নৰ সৃষ্টি কৰে । ঘৰুৱা বক্স অফিচত ছবিখনে প্ৰথম দিনাই ৬৩.৮ কোটি আৰু দ্বিতীয় দিনা ৬৬ কোটি টকা উপাৰ্জন কৰিছিল । এই দুদিনত এনিমেলৰ মুঠ সংগ্ৰহ হৈছেগৈ ১২৯.৮০ কোটি টকা ।

এনিমেলে ভংগ কৰিলে জৱানৰ অভিলেখ

ইয়াৰ লগে লগে এনিমেলে শ্বাহৰুখ খানৰ ছবি জৱানৰ অভিলেখ ভংগ কৰিছে । মুক্তিৰ দ্বিতীয় দিনা এনিমেলে ৬৬ কোটি টকাৰ উপাৰ্জন কৰিছে, ইয়াৰ বিপৰীতে দ্বিতীয় দিনা জোৱানে ৫৩.২৩ কোটি টকাৰ ব্যৱসায় কৰিছিল ।

লগতে পঢ়ক:মুক্তি পালে এনিমেল, প্ৰথম দিনাই ছবিখনে কিমান উপাৰ্জন কৰিব জানি লওক

ABOUT THE AUTHOR

...view details