অসম

assam

ETV Bharat / entertainment

Actor Died: পিতৃৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰিলে এইগৰাকী অভিনেতাই, হঠাৎ মৃত্যুক সাৱটি ল’লে অভিনেতাগৰাকীয়ে - এংগাছ ক্লাউড

২৫ বছৰ বয়সত মৃত্যুক সাৱটি ল’লে অভিনেতা এংগাছ ক্লাউডে । পিতৃৰ মৃত্যুৰ পিচত মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছিল অভিনেতাগৰাকী ।

Angus cloud breakout star of euphoria is dead at 25
মৃত্যুক সাৱটি ল’লে অভিনেতা এংগাছ ক্লাউডে

By

Published : Aug 1, 2023, 2:01 PM IST

চিটাৰা ডেস্ক, 1 আগষ্ট: হলিউড চলচ্চিত্ৰ জগতৰ পৰা আহিছে এটাৰ পিচত আনটো দু-খবৰ ৷ অতি কম বয়সতে মৃত্যুক সাৱটি লৈছে ‘ইউফ’ৰিয়া’ৰ তাৰকা এংগাছ ক্লাউডে ৷ মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল মাত্ৰ ২৫ বছৰ । ২৫ বছৰীয়া অভিনেতাজনৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰিছে সকলোকে ৷ অভিনেতা গৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে তেওঁৰ পৰিয়ালবৰ্গই ৷ এংগাছৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ কিন্তু পিতৃৰ মৃত্যুৰ পিচত তেওঁ মানসিক স্বাস্থ্যজনিত সমস্যাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল ৷

পৰিয়ালবৰ্গই প্ৰকাশ কৰিছে এক বিবৃতি

এংগাছ ক্লাউডৰ মৃত্যুত শোকত ভাঙি পৰিছে তেওঁৰ পৰিয়ালবৰ্গ ৷ ছ’চিয়েল মিডিয়াত অভিনেতাজনৰ মৃত্যুৰ তথ্য শ্বেয়াৰ কৰি লিখিছে- ‘এংগাছৰ পিতৃৰ সৈতে পুনৰ মিলিত হৈছে । যি চিৰদিনৰ বাবে তেওঁৰ প্ৰিয় বন্ধু আছিল । মানসিক স্বাস্থ্যৰ সৈতে কৰা যুদ্ধৰ বিষয়ে এংগাছে মুকলিকৈ ক’লে । আমি আশা কৰোঁ যে তেওঁৰ মৃত্যু আনৰ বাবে সোঁৱৰণী হওক ৷ হয়তো তেওঁ অকলশৰীয়া নহয় আৰু মনে মনে থাকি অকলে এই যুদ্ধ কৰা উচিত নাছিল ।

হিট হৈছিল ইউৰোফিয়া

এংগাছ ক্লাউডৰ এইচ বি অ’ৰ ধাৰাবাহিক ইউৰোফিয়াই দখল কৰিছিল লাইমলাইট । এই ধাৰাবাহিকখনত দেখুওৱা হৈছিল যে আমেৰিকাৰ যুৱক-যুৱতীসকল কেনেকৈ ড্ৰাগছ আৰু যৌন হিংসাৰ বলি হৈছে । এই ধাৰাবাহিকখন বহু বিতৰ্কৰ সৈতে জড়িত হৈ পৰাৰ বিপৰীতে একাংশ লোকে ইয়াৰ প্ৰশংসাও কৰিছিল ।

‘ইউৰোফিয়া’ আছিল এংগাছ ক্লাউডৰ অভিনেতা হিচাপে প্ৰথম প্ৰজেক্ট । সংবাদ মাধ্যমৰ খবৰ অনুসৰি নিউয়ৰ্কৰ ব্ৰুকলিন ষ্ট্ৰীটত বন্ধুসকলৰ সৈতে আড্ডা মাৰি থকা সময়ত কাষ্টিং ডাইৰেক্টৰে তেওঁক লক্ষ্য কৰি ‘ইউৰোফিয়া’ৰ বাবে কাষ্ট কৰিছিল । এইখিনিতে উল্লেখ কৰিব লাগিব যে কেৱল হলিউডেই নহয়, বলীউড আৰু টেলিভিছনৰ বহু তাৰকাই ২৫ বছৰ বয়সতে পৃথিৱীক বিদায় দিছে ৷ কাৰোবাৰ মৃত্যুৰ কাৰণ যদি দুৰ্ঘটনা আছিল, আন কাৰোবাৰ মৃত্যুৰ কাৰণ আছিল দুৰাৰোগ্য ৷

লগতে পঢ়ক:Bruce Lee Death Anniversary:পানীক ঘৃণা কৰিছিল আৰু পানীয়ে কাল হৈছিল নেকি ব্ৰুচ লীৰ বাবে ? আজিও ৰহস্য আৱৰ্তত ব্ৰুচ লীৰ মৃত্যু

ABOUT THE AUTHOR

...view details