অসম

assam

ETV Bharat / entertainment

Amitabh-Jaya 50th Marriage Anniversary: জয়াৰ বিবাহৰ সিদ্ধান্তকলৈ সুখী নাছিল পিতৃ, মান্তি কৰাবলৈ বিগ বিয়ে কৰিছিল এই কাম - জয়া ভাদুৰী

অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ প্ৰেম কাহিনী আজিও অনুৰাগীৰ মাজত বিখ্যাত । তেওঁলোকৰ প্ৰেম কাহিনী বলীউডৰ পাৰ হৈ যোৱা প্ৰেম কাহিনীসমূহৰ ভিতৰত অন্যতম । আজি এই দম্পতীয়ে বিবাহৰ ৫০ বছৰ সম্পূৰ্ণ কৰিলে ।

Amitabh-Jaya 50th Anniversary Father was not happy with Jaya Bachchan's marriage, Big B did this work to convince
জয়াৰ বিবাহৰ সিদ্ধান্তকলৈ সুখী নাছিল পিতৃ, মান্তি কৰাবলৈ বিগ বিয়ে কৰিছিল এই কাম

By

Published : Jun 3, 2023, 1:05 PM IST

Updated : Jun 3, 2023, 1:29 PM IST

চিটাৰা ডেস্ক, 3 জুন: মেগাষ্টাৰ বুলি অভিহিত অমিতাভ বচ্চন আৰু তেওঁৰ পত্নী জয়া বচ্চনৰ যুটিয়ে অনুৰাগীৰ মাজত সদায় এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল । পাঁচ দশকৰ পূৰ্বে তেওঁলোকৰ প্ৰেম কাহিনীৰ এটা নতুন অধ্যায় আৰম্ভ হৈছিল, যিটোৱে আজি ৫০ বছৰ সম্পূৰ্ণ কৰিলে (Amitabh Jaya 50th Marriage Anniversary)।

অমিতাভ-জয়াৰ বিবাহৰ সৈতে জড়িত এই কাহিনী বিখ্যাত

বলীউডৰ এই বিখ্যাত দম্পতীয়ে মুম্বাইত আজিৰ দিনটোতে বিবাহপাশত আৱদ্ধ হয় । অমিতাভ আৰু জয়া বচ্চনৰ যুটি যিমানেই বিখ্যাত হয় সিমানেই বিখ্যাত তেওঁলোকৰ বিবাহৰ লগত জড়িত এটা কাহিনী (Why did Amitabh marry Jaya)।

বিয়াৰ সিদ্ধান্তক লৈ সুখী নাছিল পিতৃ

জয়া বচ্চনে এবাৰ নৱ্যা নবেলী নন্দাৰ প’ডকাষ্ট শ্ব’ত অমিতাভ বচ্চনৰ সৈতে জড়িত বিবাহৰ কিছু কথা প্ৰকাশ কৰিছিল । সোনকালে বিয়া হোৱাৰ সিদ্ধান্তত তেওঁৰ পিতৃ সুখী নাছিল বুলিও তেওঁ উল্লেখ কৰিছিল (Amitabh bachchan first wife)।

জয়াই কয় যে, "মই অমিতাভক কৈছিলো, 'কিন্তু তুমি মোৰ মা-দেউতাৰ লগত কথা পাতিব লাগিব ।' তেওঁ (জয়া) মোৰ দেউতাৰ সৈতে ফোনত কথা পাতিলে । এই কথাত দেউতা বৰ সুখী নাছিল । তেওঁ মই সোনকালে বিয়া হোৱাটো কেতিয়াও বিচৰা নাছিল । আমি তিনিগৰাকী ভগ্নী আছিলো ।"

জয়া বচ্চনে আৰু প্ৰকাশ কৰে যে, বিবাহৰ প্ৰস্তাৱ পিতৃয়ে কয়, "মই তোমাক এই পৃথিৱীলৈ কেৱল নিজকে পঢ়া-শুনা কৰিবলৈ, বিয়া পাতিবলৈ, থিতাপি ল'বলৈ আৰু সন্তান জন্ম দিবলৈ অনা নাই । মই বিচাৰো মোৰ তিনিগৰাকী কন্যাই নিজৰ জীৱনত যাতে কিবা কৰক ।"

এইদৰেই উদযাপন কৰিলে অমিতাভে
অমিতাভ বচ্চনে জয়া বচ্চনৰ পিতৃক তেওঁলোকৰ বিবাহৰ বাবে মান্তি কৰোৱাত যথেষ্ট কষ্ট কৰিছিল । একেটা সাক্ষাৎকাৰতে জয়া বচ্চনে কয় যে, অমিতাভ বচ্চনে পিতৃ কথা শুনি কৈছিল-ত "কোনো সমস্যা নাই, আমি ডাঙৰ বিয়া নিবিচাৰো । মোৰ পিতৃ এতিয়াও জীয়াই আছে, মই বিচাৰো তেওঁ মোৰ বিয়ালৈ আহক (When did Amitabh fall in love with Jaya)।"

অমিতাভৰ পিতৃয়ে বিয়াৰ বাবে এই চৰ্ত ৰাখিছিল

এফালে জয়া বচ্চনৰ আগতীয়াকৈ বিয়া হোৱাৰ সিদ্ধান্তত পিতৃ সুখী নাছিল, আনফালে অমিতাভ বচ্চনৰ সৈতে জয়া বচ্চনে বিবাপাশত আৱব্ধ হোৱাৰ পূৰ্বে পিতৃয়ে (হৰিবংশ ৰায় বচ্চনে) অমিতাভৰ সন্মুখত এটা চৰ্ত ৰাখিছিল ।

দৰাচলতে অমিতাভ বচ্চনআৰু জয়া বচ্চনে সিদ্ধান্ত লৈছিল যে যদি জঞ্জীৰ ছবিখন হিট হয় তেন্তে তেওঁলোক লণ্ডন ভ্ৰমণলৈ যাব । ছবিখন হিট হৈছিল যদিও তেওঁৰ লণ্ডনলৈ যোৱাৰ পৰিকল্পনা প্ৰায় বাতিল হৈছিল । জয়া বচ্চনে জনোৱা মতে সেই সময়ত তেওঁ কলিকতাত এখন বঙালী ছবিৰ শ্বুটিঙত ব্যস্ত আছিলে সেই সময়ত হৰিবংশ ৰায় বচ্চনে গম পালে যে অমিতাভ বচ্চন আৰু জয়া ভাদুৰী (জয়া বচ্চন) বিয়াৰ আগতে একেলগে ফুৰিবলৈ লণ্ডনলৈ গৈ আছে, তেতিয়া তেওঁ এক কথা অস্বীকাৰ কৰিছিল ।

তেওঁৰ চৰ্ত আছিল যে, অমিতাভ আৰু জয়া বিয়া নোহোৱাকৈ ফুৰিবলৈ যাব নালাগে । সেয়ে পিতৃৰ কথা মানি অমিতাভ বচ্চনে জয়া বচ্চনক খৰখেদাকৈ বিয়া কৰালে যাতে তেওঁ জয়া বচ্চনৰ লগত লণ্ডন ভ্ৰমণলৈ যাব পাৰে ।

লগতে পঢ়ক:Alia Bhatt Grandpa Died: আলিয়া ভাটৰ ককা নৰেন্দ্ৰ নাথ ৰাজদানৰ দেহাৱসান, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল

Last Updated : Jun 3, 2023, 1:29 PM IST

ABOUT THE AUTHOR

...view details