চিটাৰা ডেস্ক, ১৭ আগষ্ট: বৃহস্পতিবাৰে মুম্বাইৰ জনপ্ৰিয় সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হয় মেগাষ্টাৰ অমিতাভ বচ্চন । মেগাষ্টাৰগৰাকীৰ সৈতে এই সময়ত আন কেইবাজনো ব্যক্তি উপস্থিত আছিল আৰু তেওঁৰ সুৰক্ষাৰ বাবে লগত আছিল আৰক্ষীও । খালী ভৰিৰে বহু সময় খোজকাঢ়ি তাৰ পিচত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে অমিতাভ বচ্চনে । মন্দিৰত উপস্থিত হোৱাৰ সময়ত কুৰ্তা পায়জামা আৰু চাদৰ পৰিধান কৰা দেখা গৈছে ছুপাৰষ্টাৰগৰাকীক ।
কাইলৈ অৰ্থাৎ ১৮ আগষ্টত অমিতাভ বচ্চনৰ পুত্ৰ তথা অভিনেতা অভিষেক বচ্চনৰ ছবি ‘ঘূমৰ’ ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিব ৷ সেয়াহে কোৱা হৈছে যে পুত্ৰৰ ছবিখনৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হৈ গণপতি দৰ্শন কৰে অভিনেতাগৰাকীয়ে ৷ অৱশ্যে মন্দিৰত উপস্থিত হোৱাৰ কাৰণ অমিতাভ বচ্চনে প্ৰকাশ কৰা নাই ।
কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে অমিতাভ বচ্চন ধৰ্মত বহুত বিশ্বাস কৰা ব্যক্তি । প্ৰায়ে টুইটাৰত অমিতাভে দেৱতা আৰু বিভিন্ন মন্দিৰৰ ছবি শ্বেয়াৰ কৰে। ইফালে বহুদিনৰ মূৰত অমিতাভ বচ্চনে সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰে ৷ ইয়াৰ পূৰ্বে যোৱা বছৰৰ নৱেম্বৰ মাহত সিদ্ধিবিনায়ক মন্দিৰ ভ্ৰমণ কৰিছিল ৷