অসম

assam

By

Published : Sep 23, 2022, 10:42 AM IST

ETV Bharat / entertainment

Amitabh Bachchan news:ট্ৰ’লৰ সন্মুখীন হৈছে অমিতাভ বচ্চন

ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ পিছত নেটিজেনৰ লক্ষ্যলৈ কিয় আহিল বিগ বি (Amitabh Bachchan latest news) ? কি কৰিলে জনপ্ৰিয় অভিনেতাজনে ? জানো আহক-

AMITABH BACHCHAN
ট্ৰ’লৰ সন্মুখীন হৈছে অমিতাভ বচ্চন

চিটাৰা ডেস্ক, 22 ছেপ্টেম্বৰ : বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ 22 ছেপ্টেম্বৰত শেষকৃত্য সম্পন্ন কৰা হয় । দেশজুৰি তেওঁৰ অনুৰাগীসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাজুৰ মৃত্যুত একাংশ চেলেব্ৰিটীয়েও শোক প্ৰকাশ কৰিছে । কিন্তু শতিকাটোৰ মেগাষ্টাৰ অমিতাভ বচ্চনক ৰাজুৰ মৃত্যুৰ পিছতেই একাংশই লক্ষ্য কৰি লৈছে ছ’চিয়েল মিডিয়াত (Amitabh Bachchan latest news) ৷

দৰাচলতে টুইটাৰ আৰু ইনষ্টাগ্ৰামত ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুক লৈ এটা শোকবাৰ্তা নিদিয়াৰ বাবেই নেটিজেনৰ ট্ৰ’লৰ সন্মুখীন হৈছে বিগ বি । বিগ বিক ৰাজুৰ অনুৰাগীসকলে স্বাৰ্থপৰ বুলি অভিহিত কৰি বিভিন্ন নক’বলগীয়া কথা কৈছে ।

প্ৰাপ্ত বাতৰি অনুসৰি চিকিৎসাৰ সময়ত ৰাজুৰ সজ্ঞান ঘূৰাই আনিবলৈ অমিতাভ বচ্চনৰ কণ্ঠ শুনোৱা হৈছিল । তেওঁৰ চিকিৎসা চলি থকাৰ সময়ত অমিতাভ বচ্চনে কমেডিয়ান গৰাকীৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ তেওঁৰ ফোনত বহু মেছেজ পঠিয়াইছিল ৷ কিন্তু হাস্পতালত ভৰ্তি হোৱাৰ বাবে ৰাজু শ্ৰীবাস্তৱৰ ফোনটো চুইচ অফ কৰি ৰখা হৈছিল ৷ সেই গতিকে অভিনেতাজনৰ পৰা অহা এই মেছেজবোৰ কমেডিয়ান গৰাকী বা তেওঁৰ পৰিয়ালৰ লোকে চাব পৰা নাছিল ৷

ট্ৰ’লৰ সন্মুখীন হৈছে অমিতাভ বচ্চন

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "সম্পূৰ্ণ সন্মানৰ সৈতে, মই অতি আচৰিত যে বিখ্যাত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুত আপুনি সামাজিক মাধ্যমত কিয় এটা শব্দও কোৱা নাই বা কোনো পোষ্ট কৰা নাই ! তেওঁ আপোনাক তেওঁৰ আদৰ্শ আৰু ঈশ্বৰ বুলি বিবেচনা কৰিছিল" ৷

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "মহাশয়, ৰাজুৱে আপোনাৰ কিমান মিমিক্ৰী কৰিছে, যদি আপুনি তেওঁৰ প্ৰতি সন্মান জনাই দুটা শাৰী টুইট কৰিলেহেঁতেন, আপোনাৰ মৰ্যাদা আৰু বৃদ্ধি হ'লহেঁতেন" ৷ এজন ব্যৱহাৰকাৰীয়ে খঙত লিখিছে, "আপুনি সঁচাকৈয়ে নাজানে নে কি ৰাজু শ্ৰীবাস্তৱ কোন, তেওঁ আপোনাক তেওঁৰ অনুপ্ৰেৰণা হিচাপে গণ্য কৰিছিল । আপুনি বহুত মতলবী অমিতাভ" ।

লগতে পঢ়ক :Raju Srivastava death news: উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

ABOUT THE AUTHOR

...view details