অসম

assam

ETV Bharat / entertainment

Amitabh Bachchan AI pic: তোলপাৰ লগাইছে অমিতাভ বচ্চনৰ এখন বিশেষ ফটোই ! অনুৰাগীয়ে প্ৰকাশ কৰিলে এনে প্ৰতিক্ৰিয়া

শেহতীয়াকৈ অমিতাভ বচ্চনে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত নিজৰ এ আই ইমেজ শ্বেয়াৰ কৰিছে । ছবিখনত অনুৰাগীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

Amitabh Bachchan Shared AI Photo Of Him On Social Media
অমিতাভ বচ্চনৰ AI ফটো

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:35 AM IST

চিটাৰা ডেস্ক, 31 অক্টোবৰ: ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় মেগাষ্টাৰ অমিতাভ বচ্চন । ব্যক্তিগত জীৱনৰ সবিশেষ শ্বেয়াৰ কৰাৰ পৰা আৰম্ভ কৰি হাস্যৰসিক কেপচনৰ সৈতে চেলফি পোষ্ট কৰালৈকে মেগাষ্টাৰগৰাকীয়ে নিজৰ অনুৰাগীক অনলাইনতো মনোৰঞ্জন দি থাকে । শেহতীয়াকৈ অভিনেতাগৰাকীয়ে আৰ্টিফিচিয়েল ইনটেলিজেনচৰ দ্বাৰা নিৰ্মিত এখন ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে । প্ৰবীণ অভিনেতাগৰাকীৰ এই পোষ্টটোৱে সম্প্ৰতি অনুৰাগীৰ পৰা হাস্যৰসিক প্ৰতিক্ৰিয়া লাভ কৰিছে ।

অমিতাভে শ্বেয়াৰ কৰিলে আৰ্টিফিচিয়েল ইনটেলিজেনচৰ (AI) দ্বাৰা নিৰ্মিত নিজৰ ছবি

এক্স (পূৰ্বৰ টুইটাৰ)ত তেওঁৰ টুইট হওক, বা ইনষ্টাগ্ৰামত তেওঁৰ অনন্য পোষ্ট হওক, অমিতাভ বচ্চনে নিজৰ দিনৰ এটা মুহূৰ্ত অনলাইনত নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে । কিছুসময় পূৰ্বে বিগ বিয়ে নিজৰ এখন ছবি পোষ্ট কৰিছিল, যিখন আৰ্টিফিচিয়েল ইন্টেলিজেনচৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল । ছবিখন শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে, "এআই জিন্দাবাদ !"

ব্লেক এণ্ড ৱাইট ফটোখনত বিগ বিক চ্যুট পৰিধান কৰা দেখা গৈছে । এআই ফটোখনত তেওঁৰ চকুযুৰি নীলা দেখা গৈছে । ইয়াৰ উপৰিও তেওঁ পিন্ধিছে চশমা । এই ছবিখন বাস্তৱ জীৱনৰ বিগ বিৰ সৈতে বহুত মিল আছে । অৱশ্যে তেওঁৰ অনুৰাগীসকলে মন্তব্য কৰে যে একো বস্তুৱেই তাৰকাগৰাকীৰ যাদুক পুনৰ সৃষ্টি কৰিব নোৱাৰে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ছাৰ আপোনাক এআইতকৈ ভাল দেখা যায়” ৷ আনহাতে আন এজনে লিখিছে, “ৰিয়েল ইজ বছ”।

ৰজনীকান্তৰ সৈতে তেওঁৰ ছবিৰ শ্বুটিংৰ ফটো শ্বেয়াৰ কৰিছিল অমিতাভ বচ্চনে

ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে অতি ভাল খবৰ শ্বেয়াৰ কৰিছিল । প্ৰায় ৩৩ বছৰৰ পিচত পুনৰ দক্ষিণৰ তাৰকা ৰজনীকান্তৰ সৈতে থালাইভাৰ ১৭০ ছবিখনত দুয়োকে একেলগে দেখা যাব ৷ ছবিখনৰ শ্বুটিঙৰ প্ৰথম দিনাৰ পৰা এখন ফটো শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে, “এইখনক ডাঙৰ কৰিবলৈ চেষ্টা কৰিছো । ৩৩ বছৰৰ পিচত দ্য থালাইভাৰৰ সৈতে কামৰ প্ৰথম দিন । ৰজনীকান্ত ছাৰ ।”

লগতে পঢ়ক:Koffee With Karan 8: হঠাৎ কিয় ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হ’ল দীপিকা, সবিশেষ জানক এই প্ৰতিবেদনত

ABOUT THE AUTHOR

...view details