চিটাৰা ডেস্ক, ১২ জানুৱাৰী:২০২৩ চনৰ শেষৰ ফালে মুক্তি পোৱা দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ ছবি ‘ছালাৰ’এ বক্স অফিচত ঢৌ তুলিছিল । ঘৰুৱা বজাৰত ৪০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি বিশ্বজুৰি ৭০০ কোটিৰো অধিক উপাৰ্জন কৰি ইতিহাস ৰচনা কৰিছে এই ছবিখনে । এতিয়াও বক্স অফিচত অব্যাহত আছে ছবিখনৰ উপাৰ্জন । এই সকলোবোৰৰ মাজতে প্ৰভাসে এতিয়া তেওঁৰ আন এখন ছবিৰ সৈতে বক্স অফিচত ঢৌ তুলিবলৈ সাজু হৈছে ৷ প্ৰভাসৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘কল্কী ২৮৯৮ AD’ৰ জৰিয়তে পুনৰ বক্স অফিচত ঢৌ তুলিবলৈ সাজু হৈছে । ইফালে এই ছবিখনৰ সন্দৰ্ভত অনুৰাগীৰ বাবে এটা ভাল খবৰ আহিছে ৷ হয়, এই ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে ।
অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল প্ৰভাস অভিনীত ছবি ‘কল্কী ২৮৯৮ AD’ মুক্তিৰ বাবে । কিন্তু এতিয়া অতি শীঘ্ৰেই অন্ত পৰিব অনুৰাগীৰ অপেক্ষাৰ ৷ ছবিখনৰ নিৰ্মাতাসকলে আজি ছবিখনৰ আনুষ্ঠানিক মুক্তিৰ তাৰিখ ঘোষণা কৰিছে । ছ’চিয়েল মিডিয়াত প্ৰভাসৰ ছবিখনৰ নতুন পোষ্টাৰৰ লগতে মুক্তিৰ তাৰিখ ঘোষণা কৰিছে নিৰ্মাতাই । উল্লেখ্য যে, এই ছবিখনৰ মুক্তিৰ তাৰিখ পূৰ্বে পিছুৱাই দিয়া হৈছিল । ছবিখন ২০২৪ চনৰ জানুৱাৰী মাহত মুক্তি পোৱাৰ আশা আছিল । কিন্তু এতিয়া ২০২৪ চনৰ ৯ মে’ত ডাঙৰ পৰ্দাত মুক্তি পাব ‘কল্কী ২৮৯৮ AD’ ।