চিটাৰা ডেস্ক, ১৫ জানুৱাৰী: অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান । এই ঐতিহাসিক দিনটোৰ বাবে বহু বছৰ ধৰি সকলোৱে অপেক্ষা কৰি আছে ৷ এতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পূৰ্বে অমিতাভ বচ্চনৰ সন্দৰ্ভত এটা বিশেষ খবৰ পোৱা গৈছে । দৰাচলতে অযোধ্যাত ঘৰ সাজিবলৈ ১৪.৫ কোটি টকাৰ প্লট ক্ৰয় কৰিছে বিগ বিয়ে । হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি অমিতাভ বচ্চনে মুম্বাইৰ ডেভেলপাৰ দ্য হাউচ অৱ অভিনন্দন লোড়াৰ পৰা ৭ ষ্টাৰ এনক্লেভ দ্য ছাৰ্যুত প্লট ক্ৰয় কৰিছে । হাউচ অৱ অভিনন্দন লোড়াই ঘৰটোৰ আকাৰ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই যদিও প্ৰতিবেদন অনুসৰি ১০ হাজাৰ বৰ্গফুটৰ ঘৰ নিৰ্মাণ কৰিব ।
খবৰ অনুসৰি ২২ জানুৱাৰীত মুকলি হ’ব দ্য ছাৰ্যু । অৰ্থাৎ যিদিনা অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব সেই একেদিনাই দ্য ছাৰ্যুও মুকলি কৰা হ’ব । উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰিব ।
অমিতাভ বচ্চনে দ্য হাউচ অৱ অভিনন্দন লোড়াৰ সৈতে এই প্ৰজেক্টৰ বিষয়ে কথা পাতিছে । অমিতাভ বচ্চনে কয়, ‘‘অযোধ্যাৰ The Saryu ৰ বাবে The House of Abhinandan Lodha ৰ সৈতে এই যাত্ৰা আৰম্ভ কৰিবলৈ পাই উৎফুল্লিত হৈছো । মোৰ হৃদয়ত বিশেষ স্থান দখল কৰিছে এই চহৰখনে । অযোধ্যাৰ চিৰন্তন আধ্যাত্মিকতা আৰু সাংস্কৃতিক সমৃদ্ধিয়ে ভৌগোলিক সীমাৰ বাহিৰত আৱেগিক সংযোগৰ সৃষ্টি কৰিছে । এইয়াই অযোধ্যাৰ আত্মাৰ যাত্ৰাৰ আৰম্ভণি । বিশ্বৰ আধ্যাত্মিক ৰাজধানীত মোৰ ঘৰ সাজিবলৈ আগ্ৰহী ।’’
উল্লেখ্য যে, অমিতাভ বচ্চনৰ জন্ম উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত হৈছিল । প্ৰয়াগৰাজৰ পৰা অযোধ্যালৈ যাত্ৰা ৪ ঘণ্টাৰ । কিন্তু এতিয়া তেওঁ অযোধ্যাত যিটো প্লট ক্ৰয় কৰিছে, সেইটো প্লট ৰাম মন্দিৰৰ পৰা মাত্ৰ ১৫ মিনিটৰ দূৰত্বত । The Saryu ৰ পৰা ৩০ মিনিটৰ দূৰত্বত অযোধ্যাৰ বিমানবন্দৰ ।
লগতে পঢ়ক:নাতি অগস্ত্য নন্দাই অমিতাভ বচ্চনৰ জনপ্ৰিয়তাৰ কথা কেতিয়া আৰু কেনেকৈ গ’ম পালে ?