অসম

assam

By

Published : Jun 21, 2023, 12:08 PM IST

ETV Bharat / entertainment

Ameesha Patel: ২০১৮ চনৰ জালিয়াতিৰ গোচৰ সন্দৰ্ভত আজি ৰাঁচী আদালতত হাজিৰ হ’ব অমিষা পেটেল

বলীউডৰ অভিনেত্ৰী অমিষা পেটেল আজি ৰাঁচী আদালতত হাজিৰ হ’ব ৷ ‘বাউন্স চেক এণ্ড ফ্ৰ’ড’ গোচৰৰ সন্দৰ্ভত আদালতত হাজিৰ হ’ব অভিনেত্ৰীগৰাকী ।

Ameesha Patel to appear in Ranchi court today regarding her 2018 fraud case
আজি ৰাঁচী আদালতত হাজিৰ হ’ব অমিষা পেটেল

চিটাৰা ডেস্ক, 21 জুন: চেক বাউন্স আৰু জালিয়াতিৰ গোচৰ সন্দৰ্ভত পুনৰ ৰাঁচীৰ আদালতত হাজিৰ হ’ব বলীউডৰ অভিনেত্ৰী অমিষা পেটেল । পূৰ্বে এই গোচৰত অভিনেত্ৰীগৰাকীয়ে জামিন লাভ কৰিছিল যদিও শেষৰটো শুনানিৰ বাবে ২১ জুনত ৰাঁচীৰ নিম্ন আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল অভিনেত্ৰীগৰাকীক ।

যোৱা ১৭ জুনত ‘গদৰ’ অভিনেত্ৰীগৰাকীয়ে চেক বাউন্স গোচৰ সন্দৰ্ভত ৰাঁচী আদালতত আত্মসমৰ্পণ কৰিছিল ৷ ইয়াৰ পিচত আদালতৰ পৰা জামিন লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিভাগৰ ন্যায়াধীশ ডি এন শুক্লাৰ আদালতত আত্মসমৰ্পণ কৰে আৰু ১০,০০০ টকাৰ দুটা বণ্ড দাখিল কৰাৰ পিচত লাভ কৰে জামিন ।

ৰাঁচীৰ চলচ্চিত্ৰ নিৰ্মাতা অজয় কুমাৰে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে চেক বাউন্স আৰু প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছিল ৷ কেৱল ইমানেই নহয়, অজয় কুমাৰক ভাবুকি দিয়াৰ অভিযোগো উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে । এই অভিযোগ সন্দৰ্ভত আদালতে অভিনেত্ৰীগৰাকীলৈ কেইবাখনো জাননী প্ৰেৰণ কৰিছিল যদিও পেটেলে আদালতত হাজিৰ হ’বলৈ অস্বীকাৰ কৰিছিল । ইয়াৰ পিচত আদালতে পেটেলৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰে আৰু অভিনেত্ৰীগৰাকীয়ে নিজেই ১৭ জুনত আত্মসমৰ্পণ কৰিবলৈ আদালতত উপস্থিত হয় ।

২০১৮ চনত অভিনেত্ৰী অমিষা পেটেলে ছবি নিৰ্মাতা অজয় কুমাৰৰ সৈতে এখন ছবিত কাম কৰাৰ কথা আছিল । অজয় কুমাৰে অভিযোগ কৰে যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ছবিখনত তেওঁৰ পৰা ধন লাভ কৰাৰ পিচতো কাম কৰা নাছিল আৰু যেতিয়া নিৰ্মাতাই ধন ঘূৰাই বিচাৰিছিল তেতিয়া তেওঁ সেই ধন ঘূৰাই দিবলৈ দ্বিধাবোধ কৰিছিল । নিৰ্মাতাজনে বহুবাৰ নিজৰ ধন ওভতাই বিচাৰিছিল, কিন্তু অভিনেত্ৰীগৰাকীয়ে উভতাই দিয়া নাছিল সেই ৷ অৱশ্যে নিৰ্মাতাজনে বহুবাৰ ধন উভতাই খোজাত অভিনেত্ৰীগৰাকীয়ে নিৰ্মাতাজনক ২.৫ কোটি টকাৰ এখন চেক প্ৰদান কৰে ৷ কিন্তু সেইখন চেক বাউন্স হৈছিল, যাৰ পিচত নিৰ্মাতসকলে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ।

লগতে পঢ়ক:Adipurush : প্ৰধানমন্ত্ৰী মোদীক AICWA ৰ আবেদন, আদিপুৰুষ নিষিদ্ধ কৰিবলৈ মেকাৰৰ বিৰুদ্ধে এফআইআৰ দাখিল

ABOUT THE AUTHOR

...view details