চিটাৰা ডেস্ক, ২৪ ছেপ্টেম্বৰ: বলীউডৰ এফালে যদি সুখৰ জোৱাৰ উঠিছে আনফালে আহিছে এটা দুখবৰ ৷ এফালে পৰিণীতি চোপ্ৰাৰ বিবাহৰ বাবে বলীউডত আনন্দ-উল্লাসৰ পৰিৱেশ দেখা গৈছে কিন্তু আনফালে আমাৰ মাজৰ পৰা হেৰাই গ’ল বলীউডৰ জনপ্ৰিয় পৰিচালক, সাহিত্যিক, অভিনেতা প্ৰয়াগ ৰাজ ৷ মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ পৰিচালকগৰাকীয়ে । তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অনিল কাপুৰ, শ্বাবানা আজমীৰ লগতে বহু তাৰকাই । কালি অৰ্থাৎ শনিবাৰে প্ৰয়াগ ৰাজে এই পৃথিৱীৰ পৰা বিদায় লৈছে ৷
অভিনেতা অনিল কাপুৰে তেওঁৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰবীণ সাহিত্যিক প্ৰয়াগ ৰাজৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কোৱা হৈছে যে তেওঁৰ শেষ অনুষ্ঠান আজি অৰ্থাৎ দেওবাৰে শিৱাজী উদ্যানৰ শ্মশানত অনুষ্ঠিত হ’ব ।
অনিল কাপুৰে জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি
অভিনেতা অনিল কাপুৰে নিজৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোত তেওঁ এখন ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁ ঘোঁৰাত বহি আছে আৰু তেওঁৰ কাষত থিয় হৈ আছে প্ৰয়াগ ৰাজ। ছবিখন পোষ্ট কৰি অনিল কাপুৰে লিখিছে, ‘‘প্ৰয়াত প্ৰয়াগ ৰাজৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছোঁ । তেওঁৰ সৈতে ‘হিফাজাত’ত কাম কৰাটো এক সৌভাগ্যৰ কথা আছিল । তেওঁৰ আত্মাই শান্তি লাভ কৰক।’’