অসম

assam

ETV Bharat / entertainment

Allu Arjun Rejects SRK Jawan: শ্বাহৰুখ খানৰ ছবিত অভিনয় কৰিবলৈ কিয় নাকচ কৰিলে আল্লু অৰ্জুনে? - আল্লু অৰ্জুন

শ্বাহৰুখ খানৰ ছবি জোৱানত অভিনয় কৰিবলৈ নাকচ কৰিলে ছুপাৰষ্টাৰ আল্লু অৰ্জুনে (Allu Arjun Rejects SRK Jawan) ৷ কিন্তু কিয় নাকচ কৰিলে আল্লু অৰ্জুনে ? সেয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

ALLU ARJUN REJECTS SHAH RUKH KHANS UPCOMING MOVIE JAWAN HERES REASON
জোৱানত অভিনয় কৰিবলৈ নাকচ কৰিলে ছুপাৰষ্টাৰ আল্লু অৰ্জুনে

By

Published : Mar 2, 2023, 2:19 PM IST

চিটাৰা ডেস্ক, 2 মাৰ্চ: শেহতীয়াকৈ পুষ্পা ছবিত অভিনয় কৰি বিশ্বজুৰি খলকনি তোলা দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনক লৈ ওলাইছে এটা ডাঙৰ খবৰ । বিগত সময়ত এটা খবৰ লাভ কৰা হৈছিল যে দক্ষিণ পৰিচালক এটলীয়ে পৰিচালনা কৰা আৰু শ্বাহৰুখ খান অভিনীত ছবি ‘জোৱান’ত কেমিঅ’ কৰা দেখা যাব আল্লু অৰ্জুনক (Actor Shah Rukh Khan)। দুয়োগৰাকী ছুপাৰষ্টাৰক ৰূপালী পৰ্দাত একে লগে দেখাৰ পোৱাৰ খবৰ বিয়পি পৰাৰ পিচতে অনুৰাগীৰ মাজত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া ৷ সামাজিক মাধ্যমত অনুৰাগীসকলৰ মাজত দেখা পোৱা গৈছিল যথেষ্ট উৎসুকতা ৷

কিন্তু অনুৰাগীসকলৰ আশাত চেঁচা পানী ঢালিলে আল্লু অৰ্জুনে (Allu Arjun Rejects SRK Jawan) ৷ শেহতীয়াকৈ পোৱা খবৰ অনুসৰি, আল্লু অৰ্জুনে এটা নিৰ্দিষ্ট কাৰণ উল্লেখ কৰি ‘জোৱান’ ছবিখনত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছে । কিন্তু শ্বাহৰুখ খানৰ লগত অভিনয় কৰিবলৈ কিয় নাকচ কৰিছে ছুপাৰষ্টাৰ আল্লু অৰ্জুন ? ‘জোৱান’ক নাকচ কৰাৰ আঁৰৰ কাৰণ কি ?

নাকচৰ কাৰণ উল্লেখ্য কৰাৰ পূৰ্বে ছবিখনৰ বিষয়ে জানি লওক কিছু কথা ৷ ছুপাৰষ্টাৰ বিজয়ৰ সৈতে ‘থেৰী’ আৰু ‘মাষ্টাৰ’ৰ দৰে মাষ্টাৰপিছ পৰিচালনা কৰা এটলীয়ে পৰিচালনা কৰিছে এই ছবিখন ৷ এটলীয়ে প্ৰায় পাঁচখন ছবি পৰিচালনা কৰিছে আৰু পাঁচখন ছবিৰ ভিতৰত পাঁচখন ছবিয়েই ছুপাৰহিট বুলি প্ৰমাণিত হৈছে । শ্বাহৰুখ খানে এটলীৰ কাম ভাল পাইছিল আৰু এটলীৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল (Allu Arjun rejected Shah Rukh Khans Jawan) ।

সেয়াহে এটলীৰ পৰিচালনাত শ্বাহৰুখ খান অভিনীত ছবি ‘জোৱান’ৰ শ্বুটিং শেহতীয়াকৈ আৰম্ভ কৰিছিল ৷ যোৱা বছৰ মুক্তি পোৱা ছবিখনৰ টিজাৰে হুলস্থুলৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু ছ’চিয়েল মিডিয়া, বলীউড আৰু চাউথৰ ছবি জগতৰ চৌদিশে প্ৰতিধ্বনিত হৈছিল ‘জোৱান’ ।

আল্লু অৰ্জুনে কিয় নাকচ কৰিলে জোৱান ?

প্ৰথমে খবৰ আহিছিল যে শ্বাহৰুখ খানৰ ছবি ‘জোৱান’ত আল্লু অৰ্জুনক কেমিঅ’ কৰা দেখা যাব ৷ কিন্তু আল্লুৰ বিষয়ে কোৱা হৈছে যে অভিনেতাগৰাকীয়ে এই ছবিখনত কাম কৰিব নোৱাৰিব সময় সূচীৰ বাবে ৷ কাৰণ আল্লুৰ আহিবলগীয়া 'পুষ্পা-২' ছবিখনত কাম কৰি আছে অভিনেতাগৰাকীয়ে । ইতিমধ্যে আল্লু অৰ্জুনে ‘পুষ্পা - দ্য ৰাইজ’ ছবিৰে বিশ্বজুৰি খলকনি তুলিছিল (Allu Arjun says NO to work with Shah Rukh Khan) । এই ছবিখনৰ পাৰ্ট 2 মুক্তি পাব ২০২৪ চনত আৰু চলিত বৰ্ষৰ ২ জুনত মুক্তি পাব ছবি ‘জোৱান’ (Allu Arjun REJECTS cameo in Shah Rukh Khans film)।

লগতে পঢ়ক:FIR against Gauri Khan: গৌৰী খানৰ বিৰুদ্ধে কোনে ৰুজু কৰিলে FIR ?

ABOUT THE AUTHOR

...view details