অসম

assam

ETV Bharat / entertainment

আল্লু অৰ্জুনৰ এটা সিদ্ধান্তই জিনিলে অনুৰাগীৰ হৃদয়, নাকচ কৰিলে সুৰা ব্ৰেণ্ডৰ কোটি টকীয়া বিজ্ঞাপন

Allu Arjun Rejects Rs 10 Crore Endorsement: দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ এটা সিদ্ধান্তই হৃদয় জয় কৰিছে অনুৰাগীৰ ৷ দৰাচলতে সুৰা আৰু পান মছলা ব্ৰেণ্ডৰ ১০ কোটি টকাৰ প্ৰস্তাৱ নাকচ কৰিছে অভিনেতাগৰাকীয়ে ।

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:37 PM IST

Allu Arjun Rejects 10 Crore Liquor and Pan Brand Endorsement
কোটি টকাৰ সুৰা ব্ৰেণ্ডৰ বিজ্ঞাপন নাকচ আল্লু অৰ্জুনৰ

চিটাৰা ডেস্ক, ১৭ ডিচেম্বৰ: ছুপাৰষ্টাৰ আল্লু অৰ্জুনে বৰ্তমান তেওঁৰ অন্যতম প্ৰত্যাশিত ছবি ‘পুষ্পা ২: দ্য ৰুল’ৰ কাম কৰি আছে । এই ছবিখনৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ইফালে খবৰ আহিছে যে তেলুগু তাৰকাগৰাকীয়ে সুৰা আৰু পান ব্ৰেণ্ডৰ প্ৰস্তাৱ নাকচ কৰিছে । দৰাচলতে ব্ৰেণ্ডটোৱে বিচাৰিছিল যে এই ছবিখনত যেতিয়াই ‘পুষ্পাই’ পান মছলা বা ধূমপান কৰক, তেতিয়াই ইয়াৰ ল’গ’ পৰ্দাত দেখুওৱা হওক ।

সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি ব্ৰেণ্ডটোৱে ছবিখনৰ নিৰ্মাতাক ১০ কোটি টকাৰ বিপুল পৰিমাণৰ ধনৰ প্ৰস্তাৱ দিছিল যদিও আল্লু অৰ্জুনে এনে ব্ৰেণ্ডক প্ৰচাৰ কৰাত অস্বীকাৰ কৰে, যাৰ বাবে নিৰ্মাতাই এই প্ৰস্তাৱ নাকচ কৰে । আল্লু অৰ্জুনে কোনো ধৰণৰ সুৰা বা পান ব্ৰেণ্ডৰ প্ৰস্তাৱ নাকচ কৰা এয়াই প্ৰথম নহয় । ‘পুষ্পা: দ্য ৰাইজ’ ছবিখনৰ সফলতাৰ পিচত খবৰ আহিছিল যে অভিনেতাজনক টেলিভিছনৰ বিজ্ঞাপনৰ বাবে ধঁপাত কোম্পানী এটাই বিপুল পৰিমাণৰ ধনৰ প্ৰস্তাৱ দিছিল । অৱশ্যে সেই প্ৰস্তাৱো তেওঁ নাকচ কৰিছিল ।

‘পুষ্পা’ ছবিখনে বক্স অফিচত অৰ্জন কৰিছে ব্যাপক সফলতা, যাৰ পৰিপ্ৰেক্ষিতত বিজ্ঞাপনৰ চাহিদা নিঃসন্দেহে যথেষ্ট বৃদ্ধি পাইছে । ফলত আল্লু অৰ্জুনে বহু ব্ৰেণ্ডৰ পৰা অফাৰ লাভ কৰিবলৈ আৰম্ভ কৰিছে । আল্লু অৰ্জুনে হয়তো ছবিত ধঁপাত বা সুৰাজাত সামগ্ৰী খোৱাৰ অভিনয় কৰিব পাৰে ৷ কিন্তু, বাস্তৱ জীৱনত তেওঁ নিজৰ অনুৰাগীক এনে সামগ্ৰী খোৱাৰ বাবে উচতনি দিয়াৰ পৰা বিৰত থাকে ৷ যাৰ বাবে কোটি কোটি টকাৰ অফাৰ লাভ কৰা স্বত্বেও এনে অফাৰ নাকচ কৰে ছুপাৰষ্টাৰগৰাকীয়ে ৷ অভিনেতাগৰাকীৰ এনে নীতি আদৰ্শৰ বাবেই তেওঁক অনুৰাগীয়ে যথেষ্ট ভাল পায় ৷ ইফালে তেওঁৰ এই সিদ্ধান্তৰ শলাগ লৈছে তেওঁৰ অনুৰাগীয়ে ।

'পুষ্পা'ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে আল্লু অৰ্জুনে

‘পুষ্পা’ ছবিখন ৰচনা আৰু পৰিচালনা কৰিছে সুকুমাৰে । ২০২১ চনত মুক্তি পোৱা ‘পুষ্পা: দ্য ৰাইজ’ এখন ব্লকবাষ্টাৰ ছবি হিচাপে প্ৰমাণিত হয় । একচন নাটক ছবিখনত ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ৰ বিষয়ে দেখুওৱা হৈছে । এই ছবিখনত আল্লু অৰ্জুনে অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ।

লগতে পঢ়ক:Allu Arjun new video: ৰামোজী ফিল্ম চিটিৰ পৰা পুষ্পা ২ ৰ শ্বুটিঙৰ ভিডিঅ’ শ্বেয়াৰ আল্লু অৰ্জুনৰ, চাওক ভিডিঅ’

For All Latest Updates

ABOUT THE AUTHOR

...view details