চিটাৰা ডেস্ক, 21 নৱেম্বৰ: আজি আল্লু অৰ্জুন আৰু আল্লু স্নেহা ৰেড্ডীৰ কনিষ্ঠ কন্যা আল্লু আৰহাৰ 8 বছৰীয়া জন্মদিন । এই উপলক্ষে ‘পুষ্পা’ অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত আৰহা আৰু তেওঁৰ কিছুমান মৰমলগা ছবি শ্বেয়াৰ কৰিছে । ইটালীত বৰুণ তেজ আৰু লাৱণ্য ত্ৰিপাঠীৰ বিয়াৰ সময়ত কন্যাৰ সৈতে তোলা কিছুমান ছবি শ্বেয়াৰ কৰিছে অভিনেতাগৰাকীয়ে ।
আল্লু অৰ্জুনে টুইটাৰত ফটো শ্বেয়াৰ কৰি কন্যা আল্লু আৰহাক জন্মদিনৰ শুভেচ্ছা জনাইছে । অভিনেতাগৰাকীয়ে পোষ্টটো শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘‘মোৰ আনন্দৰ বাণ্ডিল’, ‘মোৰ আনন্দ’ আৰু জন্মদিনৰ শুভেচ্ছা ।’’ এটা টুইট পোষ্টত আল্লু অৰ্জুনে কন্যা আল্লু আৰহা আৰু নিজৰ কিছুমান অদ্ভুত ভংগীমাৰ দৃশ্য শ্বেয়াৰ কৰিছে । ফটোকেইখনত তেওঁ আৰহাক কঢ়িয়াই লৈ ফুৰা আৰু পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি আৰহাৰ সৈতে নাচি থকা দেখা গৈছে ।
আঠ বছৰীয়া হ’ল আল্লু অৰ্জুনৰ কন্যা
ফটোখনত বগা চুট আৰু ক’লা শ্বেড পৰিধান কৰি থকা দেখা গৈছে আল্লু অৰ্জুনক । ইফালে আৰহাক পেষ্টেল লেভেণ্ডাৰ ড্ৰেছত দেখা যায় । আৰহাৰ সাজযোৰ জিলিকি থকা জোতাৰ সৈতে যোৰ কৰিছে । বৰুণ তেজৰ বিবাহ শোভাযাত্ৰাত পিতৃ-কন্যাৰ যুটিয়ে নাচি থকা দেখা গৈছে। আল্লুৱে এখন ব্লেক এণ্ড ৱাইট ছবি এখনো শ্বেয়াৰ কৰিছিল, য’ত তেওঁক আৰহাৰ সৈতে হাঁহি থকা দেখা গৈছে । আন এক টুইটত অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰে আল্লু আৰহাৰ আন এখন মৰমলগা ছবি, য’ত আৰহাক খোলা চুলি, হীৰাৰ নেকলেচ আৰু মেকআপত দেখা গৈছে ।