অসম

assam

By

Published : Apr 14, 2022, 4:14 PM IST

ETV Bharat / entertainment

Ranbir Alia Wedding: ৰণবীৰ আলিয়াৰ মেহেন্দীত কাক দেখি চকু থৰ লাগিল সকলোৰে

ৰণবীৰ আলিয়াৰ বৈবাহিক অনুষ্ঠান সমূহৰ লগতে সেই অনুষ্ঠানলৈ সাজি কাচি যোৱা তাৰকাসকলেও দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে (Ranbir Alia Wedding) ৷ দৰাৰ মাকৰ পৰা আৰম্ভ কৰি ভগ্নীদ্বয় কৰীণা-কৰিশ্মা সকলোকে লৈ চৰ্চা চলিছে এতিয়া বলীউডত ৷

Ranbir Alia Wedding
ৰণবীৰ আলিয়াৰ মেহেন্দী

চিটাৰা ডেস্ক, 14 এপ্ৰিল :বলীউড তাৰকা সকলৰ বাবে ফেশ্বনৰ মঞ্চ হৈ পৰে যিকোনো এটা অনুষ্ঠান ৷ এনে ধৰণৰ অনুষ্ঠানতেই নিজৰ ফেশ্বন ষ্টেটমেণ্টৰে বহু তাৰকাই ট্ৰেণ্ডো আনে ৷ বলীউডৰ অতিকে জনপ্ৰিয় যুটি ৰণবীৰ আৰু আলিয়াৰ বিয়াখনৰ লগতে সকলো অধীৰ আগ্ৰহেৰে ৰৈ আছে দুয়োৰে দৰা-কইনা সাজৰ লুকটোৰ বাবে (Ranbir Alia Wedding) ৷ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালবৰ্গৰ উপস্থিতিত হ’বলগীয়া এই বিয়াখনত কোনে কাৰ ডিজাইনাৰ সাজ পৰিধান কৰিব সেইয়াও লক্ষণীয় বিষয় (Stars attending Ranbir Alia marriage) ৷

ৰণবীৰ আলিয়াৰ মেহেন্দী

বুধবাৰে সম্পন্ন হৈ গ’ল ৰণবীৰ আলিয়াৰ মেহেন্দী অনুষ্ঠান (Ranbir Alia Mehendi ceremony) ৷ মেহেন্দীত কৰীণা, কৰিশ্মা, নীতু কাপুৰ, আলিয়াৰ মাতৃ, ভগ্নী সকলোৱে দৃষ্টি আকৰ্ষণ কৰিলে পাপাৰাজীৰ ৷ কৰীণা কাপুৰ খানে প্ৰৱেশ কৰাৰ লগে লগে চকু চাট মাৰি ধৰিলে সকলোৰে ৷ ডিজাইনাৰ মনীষ মলহোত্ৰাৰ লেহেংগাত কৰীণাই কৰিলে সকলোকে অবাক (Kareena look fron Ranir Alia mehendi) ৷

বেবোৱে পৰিধান কৰিছিল জিলিকি থকা এযোৰ লেহেংগা য’ত তলৰ ফালে পেষ্টেল পিংক আৰু ইষৎ নীলা ৰঙ আছে ৷ লেহেংগাৰে সৈতে মিলাই অভিনেত্ৰী গৰাকীয়ে কাণফুলি, নেকলেছ আৰু খাৰু পৰিধান কৰিছিল ৷ গাৰ ছালৰ ৰঙৰ সৈতে মিলাই কৰীণাই তেনেই সাধাৰণ মেকআপৰ সৈতে কৰীণাই মাজত সেওঁতা ফালি কৰা হেয়াৰষ্টাইল সকলোৱে পছন্দ কৰিছে ৷

সৰহ সংখ্যক ছোৱালীৰ দৰে কৰিশ্মা কাপুৰেও ভাল পাই মেহেন্দী ৷ ৰণবীৰ আলিয়াৰ মেহেন্দীত ভৰিত মেহেন্দী আঁকি নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে কৰিশ্মাই ৷ কৰিশ্মাই পৰিধান কৰিছিল কমলা ৰঙৰ এযোৰ চেলৱাৰ চুট ৷

বুধবাৰে তেওঁৰ পুত্ৰ ৰণবীৰ কাপুৰৰ মেহেন্দী অনুষ্ঠানৰ বাবে অফ-হোৱাইট আৰু বহুৰঙী এম্ব্ৰইডাৰী কৰা ঘাঘৰাত নীতু কাপুৰক উজ্জ্বল দেখা গৈছিল । প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে বিশেষ অনুষ্ঠানটোৰ বাবে ৰেচম ঘাঘৰা চোলি পিন্ধিছিল । ৬৩ বছৰীয়া তাৰকাগৰাকীয়ে সেউজীয়া ৰঙৰ পাথৰ থকা নেকলেছ, খাৰু আৰু ষ্টাড কাণফুলিকে ধৰি গধুৰ গহনা পৰিধান কৰিছিল ।

ৰণবীৰৰ ভগ্নী ৰিদ্ধিমা কাপুৰে মনীষ মালহোত্ৰাৰ চিকুইন্ড শাৰীত অনুষ্ঠানটোৰ বাবে উপস্থিত হোৱাৰ লগে লগে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । পোছাকটোৰ সৈতে গধুৰ পাথৰ খচিত নেকলেছ আৰু মিলাই খাৰু পিন্ধিছিল । ৰিদ্ধিমাই গুলপীয়া পেলেট মেক-আপেৰে লুকটো সম্পূৰ্ণ কৰিছিল ।

জনজাতীয় সাজপাৰত দেখা গৈছিল আলিয়াৰ মাক আৰু ভনীয়েকক ৷ মাক চোনি ৰাজদানে সাধাৰণ মেক আপৰ সৈতে পেষ্টেল ৰঙৰ সাজ পৰিধান কৰিছিল ৷ আনহাতে শ্বাহিনে পিন্ধিছিল লাইম গ্ৰীণ ৰঙৰ সাজ ৷

লগতে পঢ়ক:মিনি স্কাৰ্ট আৰু বগা টপত শ্বেহনাজৰ নতুন অৱতাৰ

ABOUT THE AUTHOR

...view details