চিটাৰা ডেস্ক, ৭ জানুৱাৰী: ২০২৩ চনৰ ১ ডিচেম্বৰত বিশ্বজুৰি ছবিগৃহত মুক্তি লাভ কৰিছিল ৰণবীৰ কাপুৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘এনিমেল’ ৷ অৱশ্যে মুক্তিৰ পিচত ছবিখনে কিছু বিতৰ্কৰ সন্মুখীন হয় যদিও বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল ৷ ছবিখনে সমালোচক আৰু দৰ্শকৰ পৰাও যথেষ্ট সমাদৰ লাভ কৰিছিল । যাৰ বাবে ২০২৩ চনৰ অন্যতম সফল ছবি হিচাপে পৰিগণিত হয় এনিমেল ৷ ইফালে ছবিখনৰ অপৰিসীম সফলতাৰ পৰিপ্ৰেক্ষিতত এক সফলতা পাৰ্টিৰ আয়োজন কৰে নিৰ্মাতাই । এই পাৰ্টিত এনিমেলৰ সমগ্ৰ দলৰ লগতে উপস্থিত থকা দেখা গ’ল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটকো । ইয়াৰ লগতে বলীউডৰ বহু চেলিব্ৰিটিয়ে এই পাৰ্টিত অংশগ্ৰহণ কৰে । এতিয়া পাৰ্টিৰ পৰা বহু ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
পাৰ্টিত অতি ষ্টাইলিছ লুকত উপস্থিত হয় ৰণবীৰ কাপুৰ । এই সময়চোৱাত অভিনেতাগৰাকীক ধূসৰ ৰঙৰ পেণ্ট চুট আৰু ক’লা ক’ৰ্ট পৰিধান কৰা দেখা গৈছিল, য’ত খুব সুন্দৰ দেখা গৈছিল ৰণবীৰক ৷ একে সময়তে ৰণবীৰৰ পত্নী তথা অভিনেত্ৰী আলিয়া ভাটকো এই পাৰ্টিত বৰ ধুনীয়া দেখা গৈছিল । ৰয়েল ব্লু ডিপ নেক ড্ৰেছত ষ্টাইলিছ দেখা গৈছিল অভিনেত্ৰীগৰাকীক ।
ৰণবীৰ আৰু আলিয়াই পাপাৰাজীৰ বাবে একেলগে পোজ দিছিল । দুয়োকে একেলগে বৰ মৰমলগা দেখা গৈছিল । অনুৰাগীয়ে দুয়োকে সুদৰ্শন যুটি বুলি আখ্যা দিছে ৷