অসম

assam

ETV Bharat / entertainment

Alia Bhatt Grandpa Died: আলিয়া ভাটৰ ককা নৰেন্দ্ৰ নাথ ৰাজদানৰ দেহাৱসান, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল

ইহলীলা সম্বৰণ কৰিলে আলিয়া ভাটৰ ককা নৰেন্দ্ৰ নাথ ৰাজদানে ৷ ৯৩ বছৰ বয়সত মৃত্যুক সাৱটি লয় নৰেন্দ্ৰ নাথ ৰাজদানে (Narendra Nath Razdan) ৷

Alia Bhatt's grandfather Narendranath Razdan no more, actor shares heartfelt note for her 'nana'
ইহলীল সম্বৰণ কৰিলে আলিয়া ভাটৰ ককা নৰেন্দ্ৰ নাথ ৰাজদান

By

Published : Jun 1, 2023, 3:07 PM IST

চিটাৰা ডেস্ক, 1 জুন: আলিয়া ভাটৰ ককা অৰ্থাৎ মাতৃ সোনী ৰাজদানৰ পিতৃ নৰেন্দ্ৰ নাথ ৰাজদানৰ দেহাৱসান (Alia Bhatt) ৷ ৯৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে নৰেন্দ্ৰ নাথ ৰাজদানে । অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্টত এই তথ্য প্ৰদান কৰে (Narendra Nath Razdan death ) । ইয়াৰ লগতে আলিয়াই ককাৰ জন্মদিন উদযাপন কৰা এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে ।

ককাৰ সৈতে অতি ঘনিষ্ঠ আছিল আলিয়া ভাট । অভিনেত্ৰীগৰাকীৰ এই পোষ্টটোৱে এই কথাৰ সাক্ষ্য দিছে (Soni Razdan father passes away)। এই পোষ্টটোত আলিয়াই লিখিছে- 'মোৰ গ্ৰেণ্ড ফাদাৰ, মোৰ হিৰো, ৯৩ বছৰ বয়সলৈকে গলফ খেলিছিল, কাম কৰিছিল । উত্তম অমলেট বনাইছিল । জীয়েকৰ সন্তানৰ ল’ৰা-ছোৱালীৰ লগত বহুত খেলিছিল । তেওঁৰ ক্ৰিকেট খেলা, স্কেচিং কৰাটো মোৰ বৰ ভাল লাগিছিল (Alia Bhatt grandfather Narendranath Razdan)। মোৰ মৰমৰ নানা জী, যিয়ে নিজৰ পৰিয়ালটোক বহুত ভাল পাইছিল আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে পৰিয়ালটোক ভাল পাইছিল ।’

ইয়াৰ সমান্তৰালকৈ আলিয়াই (আলিয়া ভাট) লিখিছে- 'মোৰ হৃদয় ভৰি পৰিছে কিন্তু মই সুখী । তেওঁ আমাক বহুত দিছিল আৰু কেনেকৈ জীয়াই থাকিব লাগে শিকাইছিল ।’

পিতৃৰ মৃত্যুত সোনী ৰাজদান আৱেগিক হৈ পৰিল

আলিয়া ভাটৰ উপৰি মাতৃ সোনী ৰাজদানে ইনষ্টাগ্ৰামত পিতৃৰ ফটো শ্বেয়াৰ কৰি মনৰ কথা কয় (Alia Bhatt Grandpa Died) । সোনী ৰাজদান আৰু আলিয়াৰ এই পোষ্টটোত সকলো চেলিব্ৰিটিয়ে নৰেন্দ্ৰ নাথ ৰাজদানৰ মৃত্যুত শোক প্ৰকাশ কৰি আৰ্দ্ৰ চকুৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

স্বাস্থ্যৰ বাবে আইফালৈ যোৱা নাছিল আলিয়া

দীৰ্ঘদিন ধৰি নৰেন্দ্ৰ নাথ ৰাজদান অসুস্থ হৈ আছিল । আনকি তেওঁক চিকিৎসালয়তো ভৰ্তি কৰা হৈছিল । ইফালে আইফা এৱাৰ্ড অনুষ্ঠান চলি আছিল । কিন্তু ককাৰ অসুস্থতাৰ বাবে আলিয়াই আইফালৈ যোৱা নাছিল।

লগতে পঢ়ক:KK 1st Death Anniversary: ​​এই 5 টা কাৰণতেই প্ৰাণ হেৰুৱাইছিল KK য়ে, জানি লওক কে কেৰ মৃত্যুৰ আঁৰৰ পাঁচটা কাৰণ

ABOUT THE AUTHOR

...view details