অসম

assam

ETV Bharat / entertainment

Alia Bhatt-Ranbir Kapoor's Child: ৰণবীৰ-আলিয়াৰ জীৱনলৈ আহিল এটি কন্যা সন্তান

অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ কাপুৰ পৰিয়ালত আগমন ঘটিল এটি নতুন সদস্যৰ । হয়, মা হ'ল আলিয়া ভাট । আলিয়াৰ জীৱনলৈ আহিল এটি কন্যা সন্তান ।

By

Published : Nov 6, 2022, 2:45 PM IST

It's a girl! Alia Bhatt-Ranbir Kapoor welcome first child
ৰণবীৰ-আলিয়াৰ জীৱনলৈ আহিল এটি কন্যা সন্তান

চিটাৰা ডেস্ক, 11 নৱেম্বৰ:অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ কাপুৰ পৰিয়ালত যোগ হ'ল এটি নতুন সদস্য । ৰণবীৰ-আলিয়াৰ জীৱনলৈ আহিল এটি কন্যা সন্তান(Alia Bhatt welcomes first child with Ranbir Kapoor) ।

উল্লেখ্য যে, দেওবাৰে পুৱা আলিয়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ২৭ জুনৰ পৰা ৰণবীৰ কাপুৰ আৰু আলিয়াৰ প্ৰথমটি সন্তানৰ বাবে অপেক্ষা কৰি আছিল অনুৰাগীয়ে । অৱশেষত আহিল ভাল খবৰটি । আজি ২৯ বছৰীয়া আলিয়াই জন্ম দিলে এটি কন্যা সন্তান(Alia Bhatt Ranbir Kapoor baby birth) । অক্টোবৰৰ আৰম্ভণিৰ পৰা মুম্বাইৰ গুৰুগ্ৰাম অঞ্চলৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত আলিয়াৰ চিকিৎসকৰ তত্বাৱধানত আছিল ।

উল্লেখ্য যে, দীৰ্ঘদিন দৰি ডেটিং কৰাৰ পিছত ২০২২ চনৰ ১৪ এপ্ৰিলত মুম্বাইস্থিত ৰণবীৰৰ বাসগৃহত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট বিবাহপাশত আৱদ্ধ হৈছিল(alia bhatt ranbir kapoor baby birth date) । ইয়াৰ পিছত ২৭ জুনত অভিনেত্ৰীগৰাকীয়ে ছ’ন’গ্ৰাফীৰ ছবিৰে গৰ্ভধাৰণৰ কথা ঘোষণা কৰে(alia bhatt delivers baby girl) । বেবী বাম্প লৈ হলিউডৰ প্ৰথমখন ছবি ‘হাৰ্ট অৱ ষ্টোন’ৰ শ্বুটিং কৰিবলৈ লণ্ডনলৈ গৈছিল আলিয়া । ইয়াৰ বাহিৰেও স্বামীৰ সৈতে প্ৰথমখন ছবি ‘ব্ৰহ্মাস্ত্ৰ'ৰ প্ৰচাৰতো কোনো ত্ৰুটি কৰা নাছিল আলিয়াই । ইফালে উৎসৱৰ বতৰত আলিয়াই সকলো পূজাতে অংশ লৈছিল ।

লগতে পঢ়ক:Ranveer Singh Deepika Padukone:নৌকা যাত্ৰাৰে কোৱালিটি সময় পাৰ কৰিছে ৰণবীৰ-দীপিকাই

ইফালে, ৱৰ্ক ফ্ৰণ্টত শেহতীয়াকৈ আলিয়া আৰু ৰণবীৰক একেলগে দেখা গৈছিল বিজ্ঞান-কল্পকাহিনী একচন ছবি ব্ৰহ্মাষ্ট্ৰ: পাৰ্ট ১- শিৱাত, যিয়ে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল । অয়ন মুকেৰজীৰ পৰিচালিত ছবিখনত অমিতাভ বচ্চন আৰু মৌনি ৰয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । ব্ৰহ্মাস্ত্ৰ এতিয়া অ’টিটি প্লেটফৰ্ম ডিজনী+ হটষ্টাৰত ষ্ট্ৰীমিং কৰিছে ।

ইফালে, পৰিচালক লাভ ৰঞ্জনৰ শিৰোনামহীন ৰোমান্টিক কমেডী ছবিত(Luv Ranjan's untitled romantic comedy film) শ্ৰদ্ধা কাপুৰৰ সৈতে আৰু পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰৰ গেংষ্টাৰ ড্ৰামা ফিল্ম Animalত ৰশ্মিকা মণ্ডানা, অনিল কাপুৰ আৰু ববি দেওলৰ সৈতে দেখিবলৈ পোৱা যাব । আনহাতে, আলিয়াক ৰণবীৰ সিং, ধৰ্মেন্দ্ৰ আৰু জয়া বচ্চনৰ সৈতে পৰিচালক কৰণ জোহৰৰ ছবি 'Rocky Aur Rani Ki Prem Kahani'ত দেখা যাব(Ranbir alia's latest movie) ।

অৱশ্যে ইয়াৰ পূৰ্বে শুনা গৈছিল যে আলিয়া আৰু ৰণবীৰে সন্তান জন্ম হোৱাৰ পিছত কেইবামাহো কামৰ পৰা বিৰতি ল’ব । পৰিয়ালক সময় দিব, শিশুৰ যত্ন ল'ব । ইয়াৰ পিছতহে তাৰকা দম্পতীহালে কামলৈ ঘূৰি আহিব । অৱশ্যে সেই সন্দৰ্ভত এতিয়াও কোনো নিশ্চিত খবৰ পোৱা নাই । এতিয়া অনুৰাগীৰ এটাই আশা যে ‘ৰলিয়াই’ কেতিয়া তেওঁলোকৰ সন্তানক ৰাজহুৱা স্থানত আনিব আৰু কেতিয়া নাম প্ৰকাশ কৰিব ।

লগতে পঢ়ক:Shweta Bachchan: বিয়াৰ পাচত ৩ হাজাৰ টকা বেতনত শিক্ষকতা কৰিছিল অমিতাভ বচ্চনৰ কন্যা শ্বেতাই

ABOUT THE AUTHOR

...view details