চিটাৰা ডেস্ক, 23 আগষ্ট : ট্ৰ’লিঙৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত এতিয়া নেটিজেনে থকা-সৰকা কৰিছে আলিয়াক ৷ বলীউডত আগৰ পৰাই অহংকাৰী বুলি নাম আছে কৰীণা কাপুৰৰ ৷ এতিয়া নেটিজেনে আলিয়াকো অভিহিত কৰিছে অহংকাৰী বুলি ৷
অভিনেত্ৰী গৰাকীয়ে এক সাক্ষাৎকাৰত কয় যে, যদি দৰ্শকে তেওঁক ভাল নাপায় তেন্তে তেওঁলোকে তেওঁৰ চিনেমা চোৱা বন্ধ কৰিব পাৰে । এই বক্তব্যই আলিয়াক অহংকাৰী প্ৰতিপন্ন কৰালে নেটিজেনৰ আগত ৷ পূৰ্বে একেধৰণৰ মন্তব্য কৰা কৰীণা কাপুৰ খানৰ সৈতে তুলনা কৰি নেটিজেন সকল ক্ষুব্ধ হৈ পৰিছে আলিয়াৰ ওপৰত ৷
টুইটাৰত ট্ৰেণ্ডিং হৈছে আলিয়া ভাট আৰু সেয়া সঠিক কাৰণত নহয় (Alia Bhatt trending on twitter) । আলিয়াৰ শেহতীয়া বক্তব্যক লৈ নেটিজেনসকলে ক্ষোভিত হৈ টুইটাৰত পুনৰ boycott Brahmastra ট্ৰেণ্ডিং কৰিবলৈ আৰম্ভ কৰিছে ।
খবৰ অনুসৰি, আলিয়াই এটা সাক্ষাৎকাৰত কৈছিল যে "যদি আপোনালোকে মোক ভাল নাপায়, তেন্তে মোক নাচাব" ৷ এই মন্তব্যই নেটিজেনসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে (Alia Bhatt latest news)। ছ’চিয়েল মিডিয়াত এই ক্লিপ ভাইৰেল হৈ পৰিছে, বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে তেওঁৰ আগন্তুক ছবি ব্ৰহ্মাস্ত্ৰক বৰ্জন কৰিব বুলি কৈছে ।
ইয়াৰ পূৰ্বে কৰীণা কাপুৰৰ পুৰণি সাক্ষাৎকাৰ এটা ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল ৷ তেওঁৰ ছবি লাল সিং চাড্ডা মুক্তিৰ ঠিক আগতেই এই ভিডিঅ’টো ভাইৰেল হৈ পৰে যিয়ে মানুহক ক্ষুব্ধ কৰি তুলিছিল । তাৰ ফলতেই টুইটাৰত ‘লাল সিং চাড্ডা বয়কট’ ট্ৰেণ্ডৰ সৃষ্টি হৈছিল, অৱশেষত বক্স অফিচত ছবিখনে দুৰ্বল প্ৰদৰ্শন কৰে ।
ব্ৰহ্মাস্ত্ৰৰ কথা ক’বলৈ গ’লে ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ কথা ৰণবীৰ কাপুৰ, অমিতাভ বচ্চন, মৌনী ৰয় আৰু দক্ষিণৰ অভিনেতা নাগাৰ্জুনাই অভিনয় কৰা ছবিখনে ৷ অয়ন মুখাৰ্জীয়ে পৰিচালনা কৰিছে ছবিখন । ব্ৰহ্মাস্ত্ৰ নিৰ্মাণ কৰিবলৈ 5 বছৰ সময় লাগিছে ৷ হিন্দী, তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি লাভ কৰিব ছবিখনে ৷
লগতে পঢ়ক :অস্কাৰৰ অফিচিয়েল পেজত নাম অন্তৰ্ভূক্ত হ’ল লাল সিং চাড্ডাৰ