চিটাৰা ডেস্ক, 23 নৱেম্বৰ:বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেত্ৰী আলিয়া ভাট । আলিয়া ভাটে নিজৰ কেৰিয়াৰত এতিয়ালৈকে বহু ছুপাৰ ডুপাৰ হিট ছবি দিছে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ‘গংগুবাই কাথিয়াৱাড়ী’ ছবিখনত কৰা জোৰদাৰ অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে । এই সকলোবোৰৰ মাজতে শেহতীয়াকৈ মুম্বাইৰ ছেইণ্ট ৰেজিছ হোটেলত জিকিউৰ মেন অৱ দ্য ইয়েৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গৈছিল আলিয়া ভাটক । এই সময়চোৱাত পাপাৰাজীয়ে আলিয়াক তেওঁৰ ব্যতিক্ৰমী নামেৰে মাতিবলৈ লয়, ইয়াৰ পিচতে আলিয়াই দিয়ে এনে প্ৰতিক্ৰিয়া ।
উল্লেখ্য যে, জিকিউৰ মেন অৱ দ্য ইয়েৰ অনুষ্ঠানত অতি গ্লেমাৰাছ অৱতাৰত উপস্থিত হয় আলিয়া ভাট । মেৰুণ ৰঙৰ প্লেছুটত মেচিং হিল আৰু ষ্ট্ৰেইট চুলিত অভিনেত্ৰীগৰাকীক অতি ধুনীয়া দেখা গৈছিল । আলিয়াই এই সাজ-পোছাকৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰে । এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে পাপাৰাজীৰ সন্মুখত পোজ দিয়ে । ইফালে আলিয়াক এই লুকত দেখি পাপাৰাজীয়ে আলিয়াক কিছু ব্যতিক্ৰমী নামেৰে মাতিবলৈ লয় ৷ দৰাচলতে আলিয়াক পাপাৰাজীয়ে আলু জী নামেৰে মাতিবলৈ লয় ৷ কিন্তু পাপাৰাজীৰ এনে কাণ্ডত কিছু বিৰক্তি পায় আলিয়াই ৷ ইয়াৰ পিচত পাপাৰাজীক আলিয়াই কয়, "কি নতুন আৰম্ভ হৈছে আলু জী ?" ইফালে আলিয়াৰ এই লুকৰ প্ৰশংসা কৰে অনুৰাগীয়ে ৷