চিটাৰা ডেস্ক, 9 এপ্ৰিল :বলীউডৰ অভিনেত্ৰী আলিয়া ভাট আৰু অভিনেতা ৰণবীৰ কাপুৰৰ বিয়াৰ খবৰে অনুৰাগীসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি কৰিছে ৷ অধীৰ আগ্ৰহেৰে অনুৰাগীসকল ৰৈ আছে দুয়োৰে বিয়া উপভোগ কৰিবলৈ ৷ সমান্তৰালকৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে ৰণবীৰ-আলিয়া অভিনীত প্ৰথমখন ছবি ব্ৰহ্মাস্ত্ৰৰ মুক্তিৰ অপেক্ষাত ৷
বহুচৰ্চিত বিয়াখনৰ দিন(Ranbir Alia wedding) এতিয়া নিচেই চমু হৈ পৰিছে ৷ সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ কাৰ্যসূচী সবিস্তাৰে প্ৰকাশ পাইছে । ইতিমধ্যে নিৰ্দিষ্ট কৰা হৈছে বিবাহৰ তাৰিখ (Ranbir Alia marriage) । সেই অনুসৰি, প্ৰেমিক যুগলে 14 এপ্ৰিলত বিবাহপাশত আৱদ্ধ হ'ব । দুয়োগৰাকীয়ে অৱশ্যে এই প্ৰসংগত মুখ খোলাৰ পৰা বিৰত আছে ৷ গোপন সূত্ৰৰ পৰা জানিব পৰা মতে, চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিয়াখন ।
চেম্বুৰস্থিত আৰ কে ষ্টুডিঅ'ত সম্পন্ন হ’ব বিয়াখন । ৰণবীৰৰ পিতৃ-মাতৃ ক্ৰমে প্ৰয়াত অভিনেতা ঋষি কাপুৰ আৰু প্ৰবীণ তাৰকা নীতু কাপুৰেও ১৯৮০ চনত একেটা স্থানতে বিবাহপাশত আৱদ্ধ হৈছিল । আলিয়া ভাটৰ খুৰাক ৰবীন ভাটে এই কথা প্ৰকাশ কৰিছে ৷