অসম

assam

ETV Bharat / entertainment

ষ্টাৰকিডৰ তালিকাত নতুন সংযোজন ৰণবীৰ-আলিয়াৰ কন্যা ‘ৰাহা’

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে প্ৰকাশ কৰিছে তেওঁলোকৰ কন্যা সন্তানৰ নাম । সন্তানটিৰ আইতাক তথা অভিনেত্ৰী নীতু কাপুৰে কৰিছে নামাকৰণ । নাম ৰখা হৈছে ‘ৰাহা’ ৷ ৰাহাৰ আগমণে নতুন দিগন্তৰ সূচনা কৰিলে ৰণবীৰ-আলিয়াৰ জীৱনত ৷

alia bhatt
ৰণবীৰ-আলিয়াৰ কন্যা ‘ৰাহা’

By

Published : Nov 25, 2022, 10:08 AM IST

চিটাৰা ডেস্ক, 25 নৱেম্বৰ :অৱশেষত Ranalia ৰ অনুৰাগীৰ উৎকণ্ঠাৰ ওৰ পৰিল ৷কন্যাৰ নাম প্ৰকাশ কৰিলে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে । কণমানি শিশুটিৰ নাম আইতাকে ৰাখিছে ৰাহা । ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীক এই তথ্য প্ৰদান কৰিছে অভিনেত্ৰী গৰাকীয়ে ।

আলিয়াই ইনষ্টাগ্ৰামত এখন সুন্দৰ ছবি আপলোড কৰি নিজৰ সন্তানটিৰ নামৰ অৰ্থ বিতংভাৱে বুজাইছে । আলিয়াই আপলোড কৰা ফটোখনত সন্তানটিৰ সৈতে ৰণবীৰ-আলিয়াক ব্লাৰ দেখা গৈছে আৰু ৱালত ওলমি আছে এটা টি-চাৰ্ট, য’ত লিখা আছে কন্যাৰ নাম ‘ৰাহা’ ।

আপোনালোকক জনাও যে আলিয়া ভাটে ইনষ্টাগ্ৰামত শিশুটিৰ নামকৰণৰ বিষয়ে বিতং তথ্য দিছে । আপলোড কৰা ধুনীয়া ফটোখনৰ শিৰোনামাত আলিয়াই লিখিছিল ‘ৰাহা নামটো (তাইৰ বুদ্ধিমান আৰু আশ্চৰ্যকৰ আইতাই বাছনি কৰা) ৰ বহুতো সুন্দৰ অৰ্থ আছে... ৰাহা, বিশুদ্ধ ৰূপত অৰ্থ হৈছে ঐশ্বৰিক পথ’ । ইয়াৰ লগতে, আলিয়াই বিৱৰণত নামটোৰ অৰ্থ বৰ্ণনা কৰিছিল আৰু বহুতো ভাষাত ইয়াৰ অৰ্থ কৈছিল ।

তেওঁ লিখিছে, "শ্বাহিলী ভাষাত তাই জয়,

সংস্কৃতত ৰাহা এটা বংশ,

বাংলা ভাষাত - বিশ্ৰাম, আৰাম, সকাহ,

আৰবীত শান্তি,

ইয়াৰ অন্য অৰ্থ হৈছে সুখ, স্বাধীনতা আৰু আনন্দ ।

আৰু তাইৰ নামৰ সৈতে সঁচা, আমি তাইক ধৰি ৰখাৰ প্ৰথম মুহূৰ্তৰ পৰাই - আমি সকলো অনুভৱ কৰিলোঁ! ❤️

ধন্যবাদ ৰাহা, আমাৰ পৰিয়ালটোক জীৱন্ত কৰি তোলাৰ বাবে, এনে লাগে যেন আমাৰ জীৱনটো মাত্ৰ আৰম্ভ হৈছে। ☀️☀️☀️

6 নৱেম্বৰত কাপুৰ পৰিয়াললৈ আগমণ ঘটে ৰাহাৰ, তেতিয়াৰ পৰাই সমগ্ৰ পৰিয়ালটোত সুখৰ পৰিৱেশে বিৰাজ কৰি আছে । পিতৃ-মাতৃ হোৱাৰ সুখ লাভ কৰা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সুখৰ কোনো সীমা নাই । আইতাক তথা প্ৰবীণ অভিনেত্ৰী নীতু সিঙৰো গা সাতখন-আঠখন ।

আলিয়া-ৰণবীৰে চলিত বছৰটোত বিয়াৰ সময়ৰ পৰাই বাতৰিৰ শিৰোনামা দখল কৰি আহিছে ৷ এপ্ৰিলত বিয়াত বহা আলিয়াই নৱেম্বৰত সন্তান জন্ম দিয়াৰ পিছৰে পৰাই অনুৰাগী সকল উৎসাহী হৈ আছিল ফটো চাবলৈ আৰু নাম জানিবলৈ ৷ নাম জনাৰ আশাটো বাৰু পূৰণ কৰিলে আলিয়াই পিছে এতিয়া ফটো কেতিয়া দেখুৱাই সেইটোহে মন কৰিব লগীয়া কথা !

লগতে পঢ়ক :Samantha Ruth Prabhu latest news: আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী হিচাপে পৰিগণিত হ’ল সামান্থা ৰুথ প্ৰভু

ABOUT THE AUTHOR

...view details