চিটাৰা ডেস্ক, 27 আগষ্ট :বয়কটবলীউড ট্ৰেণ্ডৰ মাজতে ৰণবীৰ আৰু আলিয়াই প্ৰচাৰ চলাই আছে ব্ৰহ্মাস্ত্ৰৰ ৷ বৰ্তমান বলীউডক লৈ মাত্ৰ এটাই চৰ্চা যে দাক্ষিণাত্য চলচ্চিত্ৰ উদ্যোগৰ দৰে বলীউডে দৰ্শকক আকৃষ্ট কৰিব পৰা নাই কিয় ! টুইটাৰত নিতৌ ট্ৰেণ্ডিং হৈছে বয়কটবলীউড ৷
তাৰ মাজতো বলীউডৰ পৰা হলীউডত খোজ দি সকলোকে গৌৰাৱান্বিত হোৱাৰ সুযোগ দিছে আলিয়া ভাটে ৷ আলিয়াৰ প্ৰথমটো হলীউড প্ৰজেক্টৰ নাম হৈছে হাৰ্ট অৱ ষ্টোন ৷ এখন আলোচনীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত আলিয়াই প্ৰকাশ কৰিছে এই প্ৰজেক্টটো তেওঁৰ হাতলৈ কেনেকৈ আহিছিল (Alia Bhatt opens up on bagging Hollywood debut) আৰু ছবিখন নিৰ্মাণৰ সময়ত তেওঁ কেনেদৰে কাম কৰিছিল ৷
আলিয়াই কয় যে, মোৰ দলটোৱে মোলৈ চিত্ৰনাট্যখন পঠিয়াইছিল আৰু কৈছিল যে যদি মই বিচাৰো ছবিখনৰ নিৰ্মাতাই মোৰ বাবে চিত্ৰনাট্য খন পঢ়িও শুনাব ৷ দলটোৱে লগতে কৈছিল, "যদি আপুনি আগ্ৰহী আমি আপোনাক পৰিচালকৰ সৈতে Zoom-meet কৰিবলৈ দিব পাৰো"(Alia Bhatt latest updates) ৷
"জুমৰ কৃপাত বহুখিনি সম্ভৱ হৈ উঠিছে । এখন মিটিঙৰ বাবে আপুনি উৰা মাৰি যাব নালাগে । আপুনি ব্যক্তিগতভাৱে মিটিং কৰিব নালাগে । ভাৰ্চুৱেলী আপুনি এখন মিটিং কৰিব পাৰে । মই স্ক্ৰীপ্টখন পঢ়িলোঁ আৰু মই জানিবলৈ পাইছিলো যে গালে (Gal Gadot) ইয়াত অভিনয় কৰিব আৰু লগতে ছবিখন প্ৰযোজনাও কৰিছে, যাৰ বাবে মই অত্যন্ত উৎসাহী হৈ পৰিলো কাৰণ মই তেওঁৰ কামৰ আৰু তেওঁৰ এগৰাকী বিশাল অনুৰাগী"(Alia Bhatt hollywood movie cast) ৷