অসম

assam

ETV Bharat / entertainment

কিয় ভাৰতৰ কোনো নিৰ্বাচনত ভোটদান নকৰে আলিয়াই ?

ভাৰতীয় ছবিজগতৰ শীৰ্ষস্থানৰ এগৰাকী নায়িকা হৈয়ো ভাৰতীয় নিৰ্বাচনত ভোটদান নকৰে এই গৰাকী অভিনেত্ৰীয়ে (Alia Bhatt can't vote in Indian elections) ৷ জানো আহক ভোটদান নকৰা প্ৰসংগত কি কয় আলিয়াই...

By

Published : Apr 9, 2022, 4:54 PM IST

Alia Bhatt citizenship
কিয় ভাৰতৰ কোনো নিৰ্বাচনত ভোটদান নকৰে আলিয়াই ?

চিটাৰা ডেস্ক, 9 এপ্ৰিল: আজি পৰ্যন্ত ভাৰতৰ নিৰ্বাচনত ভোটদান কৰা নাই জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট্টে ৷ কিয়নো ভাৰতীয় নাগৰিক নহয় আলিয়া ৷ আচৰিত হ’লেও এইয়াই সত্য ৷ অতি কম বয়সতে সফলতাৰ চিৰি বগাবলৈ সক্ষম হোৱা আলিয়াই দৰ্শকক কেইবাখনো হিট ছবি উপহাৰ দিছে ৷ বিভিন্ন প্ৰত্যাহ্বানমূলক চৰিত্ৰত অভিনয় কৰা আলিয়াই দৰ্শকৰ হৃদয়ত দখল কৰি থৈছে এখন সুকীয়া আসন ৷

এতিয়া বিয়াত বহিবলৈ সাজু হৈছে আলিয়া ৷ অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে বিয়াৰ বাতৰিৰে শিৰোনামা দখল কৰি আছে আলিয়াই (Alia Bhatt marriage) ৷ বিয়াৰ খবৰৰ মাজতে এতিয়া এটা খবৰে সকলোকে আচৰিত কৰি তুলিছে ৷ সেইয়া হৈছে আলিয়াৰ হাতত নাই ভাৰতৰ নাগৰিকত্ব ৷

এগৰাকী ব্ৰিটিছ নাগৰিকহে আলিয়া ভাট্ট (Alia Bhatt is not Indian but a British citizen) ৷ বলীউডৰ সুপ্ৰতিষ্ঠিত অভিনেত্ৰী আলিয়া ভাট্টৰ নাই ভাৰতৰ নাগৰিকত্ব ৷ ভাৰতৰ নাগৰিক নহয় আলিয়া ভাট্ট (Does alia have a indian citizenship) ৷ ব্ৰিটিছ নাগৰিকত্ব আছে আলিয়াৰ হাতত ৷ সেয়ে দেশৰ নিৰ্বাচনত ভোটদান নকৰে আলিয়াই ৷

এটা সাক্ষাৎকাৰত আলিয়াই কৈছিল যে তেওঁৰ হাতত বিদেশী পাছপ’ৰ্ট থকাৰ বাবে দুৰ্ভাগ্যবশত নিৰ্বাচনত তেওঁ ভোটদান কৰিব নোৱাৰে ৷ তেওঁ লগতে দ্বি নাগৰিকত্ব লাভ কৰাৰ পিছত ভোটদান কৰিব বুলিও জানিবলৈ দিছিল ৷ কিন্তু ভাৰতত দ্বি নাগৰিকত্বৰ প্ৰচলন নাই ৷

পিতৃ মহেশ ভাটে এই সন্দৰ্ভত কৈছিল যে আলিয়াৰ মাতৃ চোনী ৰাজদান প্ৰকৃতাৰ্থত এগৰাকী ব্ৰিটিছ নাগৰিক ৷ তেওঁ জন্ম বাৰ্মিংহামত হোৱাৰ বাবে আলিয়াই নিজেই বিদেশী নাগৰিকত্ব লাভ কৰিছিল ৷

লগতে পঢ়ক:ৰাখী সাৱন্তৰ শুভেচ্ছাবাণীত মুখত হাঁহি বিৰিঙিল ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰৰ

ABOUT THE AUTHOR

...view details