অসম

assam

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 5:12 PM IST

ETV Bharat / entertainment

Ranbir Kapoor Birthday: ব্যতিক্ৰমীভাৱে ৰণবীৰক জন্মদিনৰ শুভেচ্ছা জনালে আলিয়া ভাটে, লগতে প্ৰকাশ কৰিলে ৰণবীৰৰ এটা গোপন কথা

স্বামী তথা অভিনেতা ৰণবীৰ কাপুৰৰ জন্মদিনত আলিয়া ভাটে শ্বেয়াৰ কৰিলে এটা বিশেষ পোষ্ট ৷ বহুকেইখন ফটোৰে শ্বেয়াৰ কৰা এই পোষ্টটোত আলিয়াই লগতে ৰণবীৰৰ এটা গোপন কথাও প্ৰকাশ কৰিছে ৷ কি গোপন কথা প্ৰকাশ কৰিছে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Alia Bhatt drops unseen pics on 'love' Ranbir Kapoor's birthday, says 'you make it ALL magical'
ৰণবীৰৰ জন্মদিনত আলিয়া ভাটৰ পোষ্ট

চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ: আজিৰ দিনটো ৰণবীৰ কাপুৰৰ বাবে অতিকৈয়ে বিশেষ দিন । বিশেষ এইটো কাৰণে কৈছো কিয়নো আজি ২৮ ছেপ্টেম্বৰ অৰ্থাৎ আজি অভিনেতাগৰাকীৰ জন্মদিন । জন্মদিন উপলক্ষে ইতিমধ্যেই অভিনেতাগৰাকীয়ে অনুৰাগীক দিছে এটা বিশেষ উপহাৰ ৷ জন্মদিনত অভিনেতাগৰাকীয়ে মুকলি কৰিলে এনিমেলৰ টিজাৰ । ইফালে তেওঁৰ পত্নী আলিয়া ভাটে অভিনেতাগৰাকীৰ বাবে এটা সুন্দৰ পোষ্ট শ্বেয়াৰ কৰিছে ৷

লগতে পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে ৰণবীৰ কাপুৰৰ এটা গোপন ছ’চিয়েল মিডিয়া একাউণ্ট থকা বুলিও প্ৰকাশ কৰিছে । এতিয়া হয়তো ভুলতে এই কথা প্ৰকাশ কৰিছে বা ইচ্ছাকৃতভাৱে এই কথা প্ৰকাশ কৰিছে আলিয়াই ৷

ৰণবীৰৰ বাবে আলিয়াৰ জন্মদিনৰ পোষ্ট

ৰণবীৰ কাপুৰক শুভেচ্ছা জনাই আলিয়া ভাটে বহুকেইখন ছবি শ্বেয়াৰ কৰিছে । ইয়াৰ ভিতৰত আছে বহুতো অদৃশ্য ফটো, দুয়ো একেলগে সময় অতিবাহিত কৰা ফটোৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বিবাহৰ ফটোলৈকে । প্ৰথমখন ফটোত ৰণবীৰ কাপুৰক চুমা খোৱা দেখা গৈছে আলিয়া ভাটে । ইয়াৰ পিছৰ ছবিখনত দুয়োগৰাকীয়ে ষ্টেডিয়ামত খেল চাই থকা দেখা গৈছে। আলিয়াই এখন ফটোত শ্বেয়াৰ কৰিছে ৰণবীৰৰ দৰাৰ ৰূপ । আনহাতে চতুৰ্থ ফটোখনত দুয়োৰে মেহেন্দি অনুষ্ঠানৰ, য’ত ৰণবীৰে আলিয়াক হাতত লগোৱা মেহেন্দি দেখুৱাইছে ।

আলিয়াই প্ৰকাশ কৰিলে ৰণবীৰৰ গোপন কথা

অভিনেতা ৰণবীৰ কাপুৰৰ বাবে শ্বেয়াৰ কৰা এই জন্মদিনৰ পোষ্টটোত আলিয়াৰ কেপচনে আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰিছে । অভিনেত্ৰীগৰাকীয়ে লিখিছে, "মোৰ প্ৰেম... মোৰ বেষ্ট ফ্ৰেণ্ড... মোক আটাইতকৈ সুখী কৰা ব্যক্তিজন... যেতিয়া আপুনি মোৰ কাষত বহি আপোনাৰ গোপন ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এই কেপচনটো পঢ়িছে... মই মাত্ৰ ক’ব লাগিব ৷ জন্মদিনৰ শুভেচ্ছা বেবী... আপুনি সকলো যাদুকৰী কৰি পেলাইছে।’’

লগতে পঢ়ক:Lata Mangeshkar Birth Anniversary: প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে ৯৪ সংখ্যক জন্ম বাৰ্ষিকীত এনেদৰে স্মৰণ কৰিলে লতাজীক

লগতে পঢ়ক:Lata Mangeshkar Birthday Special: কিয় আধৰুৱা হৈ ৰ’ল লতা মংগেশকাৰৰ প্ৰেম কাহিনী ? কিয় বিয়া নহ’ল লতাজী ? সবিশেষ জানক প্ৰতিবেদনত

ABOUT THE AUTHOR

...view details