চিটাৰা ডেস্ক, 2 এপ্ৰিল: ‘আৰ আৰ আৰ’ৰ ছবিৰ অস্কাৰ বিজয়ী গীত ‘নাটু-নাটু’ৰ জনপ্ৰিয়তা এতিয়াও কমা নাই ৷ এই গীতটিয়ে অস্কাৰ লাভ কৰাৰ পিচতে প্ৰায় প্ৰতিগৰাকী চেলিব্ৰিটি আৰু বহু জনপ্ৰিয় ব্যক্তিয়ে এই ট্ৰেকত নৃত্য কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে ৷ শেহতীয়াকৈ নীতা মুকেশ আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰৰ উন্মোচনী অনুষ্ঠানৰ দ্বিতীয় দিনা বলীউডৰ ‘গংগুবাই ’ অভিনেত্ৰী আলিয়া ভাট আৰু টলিউডৰ সুন্দৰী অভিনেত্ৰী ৰশ্মিকা মান্দানাই ‘নাটু-নাটু’ৰ হিন্দী সংস্কৰণ ‘নাচো-নাচো’ত নৃত্য পৰিৱেশন কৰি উপস্থিত প্ৰতিগৰাকী অতিথিক আপ্লুত কৰি তোলে (Alia Bhatt and Rashmika Mandanna) ।
NMACC গালাৰ মিউজিকেল ইভেণ্টত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান, বাজীৰাও মস্তানীৰ অভিনেতা ৰণবীৰ সিং, বৰুণ ধাৱনকে ধৰি বহু চেলিব্ৰিটিয়ে মঞ্চত নৃত্য পৰিৱেশন কৰে । ইফালে বলীউডৰ অভিনেত্ৰী আলিয়া ভাট আৰু ৰশ্মিকাৰ ‘নাটু-নাটু’ নৃত্যই ছ’চিয়েল মিডিয়াত ব্যাপক সমাদৰ লাভ কৰে (Rashmika and Alia dance on Naatu Naatu) ৷
ভিডিঅ’টোত আলিয়া আৰু ৰশ্মিকাই বেকগ্ৰাউণ্ড ডান্সাৰৰ সৈতে নাটু-নাটুৰ হুক ষ্টেপত নৃত্য পৰিৱেশন কৰি থকা দেখা পোৱা যায় আৰু দুয়োৰে নৃত্যত আপ্লুত হৈ পৰে দৰ্শক । নৃত্য পৰিৱেশনৰ সময়ত বগা মিনি ড্ৰেছত দেখা যায় আলিয়াক ৷ আনহাতে ৰশ্মিকাক সোণালী ৰঙৰ শাৰী পৰিধান কৰা দেখা যায় । আলিয়াই নৃত্য পৰিৱেশনৰ পূৰ্বে নিজৰ হিলছযোৰ খুলি লয় (Rashmika and Alia performance atNMACC) ৷