চিটাৰা ডেস্ক, 27 জুন : আলিয়া ৰণবীৰৰ অনুৰাগীসকললৈ সুখবৰ ৷ চলিত বছৰৰ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হোৱা ৰণবীৰ আলিয়া পিতৃ-মাতৃ হ’বলৈ আগবাঢ়িছে (Alia Ranbir baby) ৷ আলিয়াই ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে এই শুভবাৰ্তাটো ৷
আলিয়া ভাটে সামাজিক মাধ্যমত আল্ট্ৰাচাউণ্ড কৰি থকা এখন ফটোৰ সৈতে তেওঁৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰে । নিজৰ প্ৰথমটো হলীউড প্ৰজেক্টৰ বাবে লণ্ডনত থকা আলিয়াই হাস্পতালৰ ভিতৰৰ পৰাই ৰণবীৰৰ সৈতে ফটো শ্বেয়াৰ কৰে ৷
আলিয়াই দুখন ফটো শ্বেয়াৰ কৰিছে ৷ অভিনেত্ৰী গৰাকীয়ে ফটো শ্বেয়াৰ কৰি শিৰোনামত লিখিছে, "Our baby ….. coming soon ♾❤️✨" ৷ চাওক আলিয়াৰ পোষ্টটো-