অসম

assam

By

Published : Jul 20, 2023, 11:38 AM IST

Updated : Jul 20, 2023, 1:10 PM IST

ETV Bharat / entertainment

Manipur Violence: মণিপুৰৰ বৰ্বৰতাক ধিক্কাৰ অক্ষয় কুমাৰৰ পৰা উৰ্মিলা মাটোণ্ডকাললৈকে বহু চেলিব্ৰিটিৰ

মণিপুৰত দুগৰাকী মহিলাৰ ওপৰত সংঘটিত হোৱা বৰ্বৰতাক লৈ সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে । একে সময়তে বলীউডৰ সকলো চেলিব্ৰিটিয়ে এই ঘটনাক গৰিহণা দি অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

Akshay Kumar to Urmila Matondkar many celebs reacted on two women being paraded naked in Manipur
মণিপুৰৰ ভাইৰেল ভিডিঅ’ক লৈ চেলিব্ৰিটিৰ ক্ষোভ

চিটাৰা ডেস্ক, 20 জুলাই: বুধবাৰে (১৯ জুলাই) ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰোৱাৰ ভিডিঅ’। মানৱ সমাজক লজ্জানত কৰা এই নিকৃষ্ট ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতে এনে ঘটনাক ধিক্কাৰ জনাইছে সমগ্ৰ দেশবাসীয়ে ৷ এই বৰ্বৰ ঘটনাক লৈ ক্ষুব্ধ লোকসকলে ছ’চিয়েল মিডিয়াত অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । একে সময়তে অক্ষয় কুমাৰ, ৰেনুকা শ্বাহানে, ৰিচা চাড্ডাকে ধৰি বহু বলীউডৰ চেলিব্ৰিটিয়ে এই চাঞ্চল্যকৰ ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰি ছচিয়েল মিডিয়াত অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

অক্ষয় কুমাৰে টুইট কৰি ভুক্তভোগীক ন্যায়ৰ দাবী জনাইছে

বলীউডৰ খিলাড়ি কুমাৰ অর্থাৎ অক্ষয় কুমাৰে মণিপুৰৰ এই কাণ্ডৰ বাবে শোক প্ৰকাশ কৰি টুইটাৰ যোগে ভুক্তভোগীক ন্যায়ৰ দাবী জনাইছে ৷ অভিনেতাগৰাকীয়ে লিখিছে, “মণিপুৰত মহিলাৰ ওপৰত হোৱা হিংসাৰ ভিডিঅ’টো দেখি স্তম্ভিত হৈ পৰিছো, মই হতাশ হৈ পৰিছো, আশা কৰোঁ দোষীক ইমানেই কঠোৰ শাস্তি দিয়া হওক যাতে এনে জঘন্য কাণ্ডৰ কথা আৰু কোনেও কেতিয়াও ভাবিব নোৱাৰে ।’’

আনহাতে ৰিচা চাড্ডাই মণিপুৰ ঘটনাক লজ্জাজনক বুলি অভিহিত কৰিছে

মণিপুৰত মহিলাৰ ওপৰত কৰা বৰ্বৰতাক লৈও ক্ষোভ প্ৰকাশ কৰিছে অভিনেত্ৰী ৰিচা চাড্ডাই। ভাইৰেল হোৱা ভিডিঅ’টোৰ সন্দৰ্ভত কৰা পোষ্টত ৰিচা চাড্ডাই লিখিছে,"লজ্জাজনক ! ভয়াবহ! অধাৰ্মিক!”

উৰ্মিলা মাটোণ্ডকাৰেও ‘মৌনতা’ক লৈ প্ৰশ্ন উত্থাপন কৰিছে

মণিপুৰৰ কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰি উৰ্মিলা মাটোণ্ডকাৰে কয়, “মণিপুৰৰ ভিডিঅ’টোত স্তম্ভিত হৈ পৰিছো, আতংকিত হৈ পৰিছো ৷ মে’ মাহত ঘটা এই ঘটনাৰ ওপৰত কোনো ব্যৱস্থা লোৱা হোৱা নাই লাজ লাগে সেইসকল লোকক যিসকলে ক্ষমতাৰ মদ্যপান কৰি ওখ ঘোঁৰাত বহি আছে, সংবাদ মাধ্যমৰ ক্লাউনে চেলেকিছে, চেলিব্ৰিটিসকল নিমাত হৈ আছে । প্ৰিয় ভাৰতীয়সকল, আমি কেতিয়া এনে পৰ্যায়লৈ আহিলোঁ ?

চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিলে ৰেনুকা শ্বাহানে

হিংসা নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ কথা আঙুলিয়াই দি অভিনেত্ৰী ৰেনুকা শ্বাহনেই প্ৰশ্ন কৰে যে মণিপুৰত চলি থকা অত্যাচাৰ ৰোধ কৰিবলৈ কোনো নাই নেকি ? তেওঁ লিখিছে, “মণিপুৰত চলি থকা অত্যাচাৰ ৰোধ কৰিবলৈ কোনো নাই নেকি ? মহিলাগৰাকীৰ সেই আমনিদায়ক ভিডিঅ’টোৱে যদি আপোনাক আমনি কৰা নাই তেন্তে নিজকে মানুহ বুলি কোৱাটো উচিত নহ’ব, ভাৰতীয় বা ইণ্ডিয়ান বুলি বাদেই !”

৩ মে’ৰ পৰা হিংসাত্মক ঘটনাই গ্ৰাস কৰিছে মণিপুৰ

উল্লেখ্য যে ৩ মে’ৰ পৰা মণিপুৰত ইম্ফল উপত্যকাত কেন্দ্ৰীভূত সংখ্যাগৰিষ্ঠ মেইটেই আৰু পাহাৰ দখল কৰা কুকি জনগোষ্ঠীৰ মাজত জাতিগত সংঘৰ্ষ চলি আছে । এই হিংসাত এতিয়ালৈকে ১৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰোৱা ভিডিঅ’ দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

লগতে পঢ়ক:Kuki woman raped: বৰ্বৰতাৰ চৰম সীমা; মণিপুৰত কুকি মহিলাক দলবদ্ধ ধৰ্ষণ কৰি বিশাল সমদল

Last Updated : Jul 20, 2023, 1:10 PM IST

ABOUT THE AUTHOR

...view details