চিটাৰা ডেস্ক, 5 মে’: বিগত কেইবাবছৰ ধৰি ছলমান খানৰ ছবি মুক্তি লাভ কৰি আহিছে ঈদত ৷ কিন্তু অহা বছৰ কিছু সলনি হ’ব দৃশ্য়পট ৷ কাৰণ অহা বছৰ ঈদত ছলমান খানৰ পৰিবৰ্তে ছবিগৃহত মুক্তি লাভ কৰিব অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ পৰৱৰ্তী ছবি ‘বড়ে মিয়া ছোটে মিয়া’ ৷ এই কথা ঘোষণা কৰিছে নিৰ্মাতাসকলে (Akshay Kumar Tiger Shroff BMCM Release Date)।
বড়ে মিয়া ছোটে মিয়া ছবিখনত অক্ষয় আৰু টাইগাৰৰ উপৰিও দক্ষিণৰ অভিনেতা পৃথ্বীৰাজ সুকুমাৰনক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । প্ৰায় ১১ মাহ পূৰ্বেই নিৰ্মাতাসকলে ঈদত ছবিখন মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। অহা বছৰ ঈদ হ’ব পাৰে ১০ এপ্ৰিলত। এনে পৰিস্থিতিত ২০২৪ চনৰ ১০ এপ্ৰিল বুধবাৰে ছবিখন মুক্তি পাব পাৰিব বুলি ধাৰণা কৰা হৈছে (Akshay Kumar Tiger Shroff) ।
ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰি অক্ষয় কুমাৰেও ইয়াৰ তিনিখন ছবি সামাজিক মাধ্যম শ্বেয়াৰ কৰিছে । পোষ্টটো শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে, "২০২৪ চনৰ ঈদত ছবিগৃহত লগ পাম।" জানিব পৰা মতে দৃশ্যগ্ৰহণ ইতিমধ্যেই সম্পূৰ্ণ হৈছে (Bade Miyan Chote Miyan release date)৷
তিনিওখন ছবিতে অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফক শক্তিশালী ৰূপত দেখা গৈছে । এখন ছবিত হেলিকপ্টাৰৰ পৰা নামি বন্দুক লৈ খোজ কাঢ়ি যোৱা দেখা গৈছে । দ্বিতীয় ছবিখনত পিছফালে এখন বিমান উৰি আছে আৰু দুয়োজন একচন ষ্টাৰক বাইকত অহা দেখা গৈছে। তৃতীয়খন ছবিত দুয়োকে সেনাৰ বিমানৰ পৰা লক্ষ্য কৰি থকা অৱস্থাত অৱতৰণ কৰা দেখা গৈছে (Bade Miyan Chote Miyan)।