চিটাৰা ডেস্ক, 24 মাৰ্চ: বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ সম্প্ৰতি ব্যস্ত আগন্তুক ছবি "বাড়ে মিয়ান ছোটে মিয়ান"ৰ দৃশ্যগ্ৰহণক লৈ (Bade Miyan Chote Miyan) ৷ কিন্তু শেহতীয়াকৈ ছবিখনৰ দৃশ্যগ্ৰহণ কৰি থাকোতেই এক অঘটন সংঘটিত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি একচন দৃশ্যৰ চিত্ৰগ্ৰহণৰ কৰি থকাৰ সময়তেই আঘাতপ্ৰাপ্ত হয় অক্ষয় কুমাৰ (Superstar Akshay Kumar) ৷ আঁঠুত আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী ৷
আলী আব্বাছ জাফৰৰ পৰিচালিত বাড়ে মিয়ান ছোটে মিয়ান ছবিখনত অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে অভিনয় কৰিছে অক্ষয় কুমাৰে । স্কটলেণ্ডত চিত্ৰগ্ৰহণ কৰি থকাৰ সময়তে আহত হয় অভিনেতাগৰাকী । এইখিনিতে উল্লেখ কৰিব লাগিব যে অভিনেতাগৰাকী আহত হৈছে যদিও গুৰুতৰভাৱে আহত হোৱা নাই (Akshay Kumar suffers knee injury) ৷ সেয়াহে, আহত হোৱাৰ পিচতো ছবিখনৰ শ্বুটিং কৰি আছে অক্ষয়ে ৷
প্ৰাপ্ত খবৰ অনুসৰি অক্ষয়ে টাইগাৰৰ সৈতে একচন ছিকুৱেন্সৰ বাবে শ্বুটিং কৰি আছিল, কিন্তু হঠাৎ এটা নিৰ্দিষ্ট ষ্টাণ্ট প্ৰদৰ্শন কৰিবলৈ লওতেই আহত হয় অভিনেতাগৰাকী ৷ সম্প্ৰতি আঁঠুত ব্ৰেচ পিন্ধিছে অক্ষয়ে । জানিব পৰা মতে, অভিনেতাগৰাকীয়ে বৰ্তমান স্কটলেণ্ডৰ শ্বুটিং সময়মতে সমাপ্ত কৰিবলৈ নিজৰ ক্ল’জ আপৰ শ্বুটিং কৰি আছে, আনহাতে একচন দৃশ্যসমূহ সাময়িকভাৱে পিছুৱাই দিয়া হৈছে (Akshay Kumar action scene with Tiger Shroff) ।