চিটাৰা ডেস্ক, 21 এপ্ৰিল:বলীউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰ প্ৰায়ে তেওঁৰ অনুপ্ৰেৰণামূলক কামৰ বাবে বাতৰিলৈ আহে । অভিনেতাজনৰ নাম যোৱা কেইদিনমান ধৰি সামাজিক মাধ্যমত খুব চৰ্চিত হৈছে । কিন্তু এইবাৰ তেওঁক লৈ আলোচনা তেওঁৰ ভাল কামৰ বাবে হোৱা নাই বৰঞ্চ ইয়াৰ কাৰণ হৈছে এটা বিজ্ঞাপন (Akshay Kumar tobacco controversy) ৷
দৰাচলতে, বলীউডৰ খিলাড়ী কুমাৰক পাণ মচলাৰ এটা বিজ্ঞাপনত দেখা গৈছিল ৷ ইয়াৰ পিছতে তেওঁক ছ'চিয়েল মিডিয়াত ট্ৰ'ল কৰিবলৈ আৰম্ভ কৰিছিল অনুৰাগীয়ে ( Akshay Kumar vimal ad) । এই সমালোচনাৰ ফলত আত্ম অনুশোচনাত ভুগি ছ'চিয়েল মিডিয়া পোষ্টত এক দীঘলীয়া বাৰ্তা প্ৰেৰণ কৰে অভিনেতাজনে ৷ মানুহৰ অনুভূতিক আঘাত কৰাৰ বাবে তেওঁ ক্ষমা বিচাৰিছিল ।
"মই দুঃখিত । মই আপোনালোকৰ ওচৰত, মোৰ সকলো অনুৰাগী আৰু শুভাকাংক্ষীৰ ওচৰত ক্ষমা বিচাৰিছো । যোৱা কেইদিনমানৰ পৰা আপোনালোকৰ প্ৰতিক্ৰিয়াই মোক বহুত প্ৰভাৱিত কৰিছে", এইদৰে নিজৰ মনৰ ভাষা প্ৰকাশ কৰিলে অভিনেতাজনে ৷
মানুহৰ পৰা নিৰন্তৰ সমালোচনাৰ সন্মুখীন হৈ থকা অভিনেতাজনে এতিয়া বিষয়টোৰ ওপৰত গুৰুত্ব দিছে ৷ ভৱিষ্যতে তেনে ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে বিচাৰ বিবেচনা কৰিব বুলি অনুৰাগীৰ আগত প্ৰকাশ কৰে তেওঁ । এই পোষ্টটো তেওঁৰ অফিচিয়েল টুইটাৰ আৰু ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰি লিখিছিল, "মই মোৰ সকলো অনুৰাগী আৰু শুভাকাংক্ষীৰ ওচৰত ক্ষমা বিচাৰিছো ৷ যোৱা কেইদিনমানত যি প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে সেইটোৱে মোক বহুত প্ৰভাৱিত কৰিছে । মই কেতিয়াও ধঁপাত সমৰ্থন কৰা নাই আৰু নকৰো"।
শ্বাহৰুখ আৰু অজয় দেৱগণৰ পিছত শেহতীয়াকৈ অক্ষয়ক বিমল পাণ মচলাৰ সৈতে জড়িত হৈ পৰা দেখিবলৈ পোৱা গৈছে (Ajay Shah rukh Akshay vimal ad) ৷ নতুনকৈ প্ৰচাৰ হোৱা বিজ্ঞাপনটোত অজয় দেৱগণ আৰু শ্বাহৰুখ খানে অক্ষয় কুমাৰক সম্ভাষণ জনাই আদৰি অনা দেখিবলৈ পোৱা গৈছে ৷ বিমলৰ বিজ্ঞাপনত অজয়ক দেখা মাত্ৰেই ক্ষোভত ফাটি পৰে তেওঁৰ অনুৰাগী সকল ৷
লগতে পঢ়ক:Palak Tiwari latest news: শ্বেতা তিৱাৰীক হট্ মামা বুলি ক’লে বেয়া পাই পলকে