চিটাৰা ডেস্ক, 27 এপ্ৰিল:ৰূপালী পৰ্দাত এটাৰ পিচত আনটো ছবি ফ্লপ হোৱাৰ পিচত ছুপাৰষ্টাৰ অক্ষয় কুমাৰে এইবাৰ মনোনিৱেশ কৰিছে ব্যৱসায়ত ৷ আগন্তুক ছবি আৰু অ’টিটিৰ ব্যস্ত শ্বুটিঙৰ মাজতে অভিনেতাগৰাকীয়ে নিজৰ কাপোৰৰ ব্যৱসায় আৰু ইয়াৰ আউটলেট প্ৰচাৰত মনোনিৱেশ কৰিছে । অভিনেতাগৰাকীয়ে নিজৰ নতুন আউটলেট মুকলিৰ সৈতে জড়িত এটা ভিডিঅ’ও নিজৰ ছ’চিয়েল মিডিয়াত একাউন্টত পোষ্ট কৰিছে ।
ব্যৱসায়ী মনীষ মান্ধনাৰ সহযোগত অভিনেতা অক্ষয় কুমাৰে মুকলি কৰিছে তেওঁৰ নতুন এথলেইজাৰ ব্ৰেণ্ড ফৰ্চ IX । মুম্বাইত ইয়াৰ এক ডাঙৰ আউটলেট খুলিছে (Akshay Kumar Launches Clothing Brand Force IX)। অনুষ্ঠানটো উপলক্ষে অক্ষয়ক শ্ব’ৰুমৰ মুকলি কৰাৰ পিচত অনুৰাগীৰ সন্মুখত পোজ দিয়া দেখা যায় । মূলতঃ কোম্পানীটোত উপলব্ধ হ’ব শ্বেট চাৰ্ট, হুডি, টি-চাৰ্ট, ডেনিম, চাইনো, শ্বৰ্ট আৰু শ্লিপৱেৰ ।
একে সময়তে আগন্তুক সময়ত আৰু কিছু সামগ্ৰী যেনে বেল্ট, কেপ, ট্ৰেভেল এক্সেচৰিজ, জোতা আৰু ঘড়ী আনিবলৈ প্ৰস্তুতি চলোৱা হৈছে । প্ৰচাৰ অনুষ্ঠানৰ সময়ত অভিনেতাগৰাকীয়ে অনুৰাগীৰ সৈতে মুকলিকৈ তেওঁৰ ব্ৰেণ্ডৰ বিষয়ে কথা পাতিছিল (Akshay Kumars Force IX opens)।