অসম

assam

Mission Raniganj Collection Day 3: অক্ষয় কুমাৰৰ মিছন ৰাণীগঞ্জৰ তৃতীয় দিনাৰ বক্স অফিচ সংগ্ৰহ কিমান ?

মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউ ছবিখনে বক্স অফিচত ডাঙৰ সংখ্যাৰে আৰম্ভণি নকৰিলে । কিন্তু ছুটিৰ দিনটোত ছবিখনৰ উপাৰ্জনত কিছু পাৰ্থক্য দেখা পোৱা গৈছে ৷

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 6:04 PM IST

Published : Oct 8, 2023, 6:04 PM IST

ETV Bharat / entertainment

Mission Raniganj Collection Day 3: অক্ষয় কুমাৰৰ মিছন ৰাণীগঞ্জৰ তৃতীয় দিনাৰ বক্স অফিচ সংগ্ৰহ কিমান ?

Akshay Kumar starrer film Mission Raniganj Box Office Collection Day 3
মিছন ৰাণীগঞ্জ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, 8 অক্টোবৰ:অক্ষয় কুমাৰৰ ছবি ‘মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউ’ মুক্তি পোৱা আজি তিনিদিন হ’ল । বক্স অফিচত ছবিখনৰ আৰম্ভণি ভাল নাছিল যদিও সপ্তাহৰ শেষৰ ফালে ছবিখনৰ উপাৰ্জনত কিছু পৰিৱৰ্তন দেখা গৈছে ৷ কিয়নো সপ্তাহটোৰ শেষৰ ফালে ছবিখনে ভাল সংগ্ৰহ লাভ কৰিছে ।

ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ প্ৰথম দিনাই মিছন ৰাণীগঞ্জে ২.৮ কোটি টকা উপাৰ্জন কৰিছিল । দ্বিতীয় দিনা ছবিখনে ৪.৫০ কোটি টকা উপাৰ্জন কৰিছে । এতিয়া তৃতীয় দিনৰ সংগ্ৰহ চৰ্চালৈ আহিছে, যাৰ মতে দেওবাৰে ছবিখনে ৫ কোটি টকাৰ ব্যৱসায় কৰিব পাৰে । ইয়াৰ লগে লগে অক্ষয় কুমাৰৰ ছবিখনৰ মুঠ সংগ্ৰহ হ’বগৈ ১২.৩০ কোটি হ’ব ।

ৰাণীগঞ্জ কয়লাক্ষেত্ৰ মিছনৰ আধাৰত নিৰ্মিত ছবিখন

"মিছন ৰাণীগঞ্জ"ৰ কাহিনীৰ কথা ক’বলৈ গ’লে ১৯৮৯ চনত পশ্চিমবংগৰ ৰাণীগঞ্জ কয়লাক্ষেত্ৰৰ পতনৰ আধাৰত নিৰ্মিত এখন ছাৰ্ভাইভেল থ্ৰিলাৰ ছবি । এই অভিযানত যশৱন্ত সিং গিলে কয়লাক্ষেত্ৰত আবদ্ধ হৈ থকা ৬৫ জন খনিকৰৰ প্ৰাণ ৰক্ষা কৰে । এই ছবিখনত অক্ষয় কুমাৰে যশৱন্ত সিং গিলৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনত অক্ষয় কুমাৰৰ লগতে পৰিণীতি চোপ্ৰাকো মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত দেখা গৈছে । এইবাৰ দ্বিতীয়বাৰৰ বাবে অক্ষয় আৰু পৰিণীতিক একেলগে পৰ্দাত দেখা গৈছে । ইয়াৰ পূৰ্বে পৰিণীতি আৰু অক্ষয়ৰ যুটি ‘কেছাৰী’ ছবিখনত দেখা গৈছিল ।

অক্ষয়ৰ বৰ্কফ্ৰন্ট

‘মিছন ৰাণীগঞ্জ’ৰ পিচত অক্ষয় কুমাৰৰ কেইবাখনো ছবি ছবিগৃহলৈ আহিব । অভিনেতাগৰাকীক কমেডীৰে ভৰা তিনিখন ছবি ‘হাউছফুল ৫’, ‘ৱেলকাম টু দ্য জংগল’ আৰু ‘হেৰা ফেৰী ৩’ত দেখা যাব । ইয়াৰ উপৰিও তেওঁক ‘স্কাই ফৰ্চ’ত দেখা যাব । ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে, সেই অনুসৰি অহা বছৰৰ ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে ‘স্কাই ফৰ্চ’ মুক্তি পাব ।

লগতে পঢ়ক:Mission Raniganj Box Office Collection Day 2: মোটা বাজেটত নিৰ্মিত অক্ষয় কুমাৰৰ মিছন ৰাণীগঞ্জৰ বৰ্তমানৰ উপাৰ্জন কিমান জানেনে ?

ABOUT THE AUTHOR

...view details