চিটাৰা ডেস্ক, 12 অক্টোবৰ: অক্ষয় কুমাৰে এবছৰতে বহুকেইখন ছবিত কাম কৰে, যদিও এই আটাইকেইখন ছবি পৰ্দাত হিট হ’ব তাৰ কোনো নিশ্চয়তা নাই । শেহতীয়াকৈ অক্ষয়ৰ অভিনীত ছবি ‘মিছন ৰাণীগঞ্জ’ ছবিগৃহত মুক্তি লাভ কৰিছিল যদিও দৰ্শকৰ পৰা বৰ বিশেষ সঁহাৰি নাপালে ছবিখনে ৷ পাঁচ দিনত বক্স অফিচত ১৫ কোটি টকাৰ ব্যৱসায় কৰিছে ছবিখনে । কিন্তু ইয়াৰ বিপৰীতে যদি কওঁ তেন্তে ‘মিছন ৰাণীগঞ্জ’ৰ পূৰ্বে মুক্তি পোৱা অক্ষয়ৰ ‘OMG 2’ ছবিখন বক্স অফিচত হিট ৰূপে পৰিগণিত হৈছে ৷ এতিয়া অভিনেতাগৰাকীয়েও এক সাক্ষাৎকাৰত তেওঁৰ ছবিৰ সন্দৰ্ভত তেওঁৰ সন্তানে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেই কথা প্ৰকাশ কৰিছে ।
দেউতাকৰ ছবি চোৱাৰ পিচত কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সন্তানে ?
অক্ষয় কুমাৰৰ ‘মিছন ৰাণীগঞ্জ’ ছবিখনে পৰ্দাত বিশেষ কাম কৰিব পৰা নাই ৷ এনে পৰিস্থিতিত তেওঁৰ ছবি সন্দৰ্ভত তেওঁৰ দুই সন্তান আৰভ আৰু নিতাৰাৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে অক্ষয়ে ।
শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে কন্যা নিতাৰা দেউতাকৰ চিনেমা বুজিবলৈ এতিয়াও সৰু হৈ আছে, কিন্তু তেওঁৰ পুত্ৰ আৰভে এই সকলোবোৰ কথা ভালদৰে বুজি পায় আৰু লগতে অতি সৎ প্ৰতিক্ৰিয়াও দিয়ে । আৰভে তেওঁৰ ছবি ভাল পালে কয়, ‘ভাল দেউতা, মই আপোনাক লৈ গৌৰৱ অনুভৱ কৰিছো’ আৰু যদি ভাল নাপায় তেন্তে কয়, ‘‘ক্ষমা কৰিব দেউতা, কিন্তু এই ছবিখন একেবাৰে ভাল পোৱা নাই ৷ একেবাৰে বাজে ছবি ৷’’