অসম

assam

ETV Bharat / entertainment

Ram Setu poster, অক্ষয় কুমাৰৰ নতুন ছবি ৰাম সেতুৰ টিজাৰ মুকলি - ৰাম সেতু মুক্তিৰ তাৰিখ

Ram Setu budget: অক্ষয় কুমাৰৰ আগন্তুক ছবি ৰাম সেতুৰ নিৰ্মাতাসকলে সোমবাৰে এটা টিজাৰ মুকলি কৰে । এই এক্সন-এডভেঞ্চাৰ ছবিখনত কিংবদন্তি ৰাম-সেতুৰ প্ৰকৃত অস্তিত্ব প্ৰমাণ কৰিবলৈ সময়ৰ বিৰুদ্ধে দৌৰি যোৱা এজন পুৰাতত্ত্ববিদৰ কাহিনী দেখুওৱা হ’ব ।

Akshay Kumar
অক্ষয় কুমাৰ

By

Published : Sep 26, 2022, 1:03 PM IST

চিটাৰা ডেস্ক, 26 ছেপ্টেম্বৰ: বলীউডৰ খিলাড়ী অক্ষয় কুমাৰে সোমবাৰে প্ৰকাশ কৰিলে দীপাৱলীত মুক্তি পাবলগীয়া বছৰটোৰ অন্যতম অপেক্ষাৰত ছবি ৰাম সেতুৰ প্ৰথম আভাস । ইনষ্টাগ্ৰাম হেণ্ডেলত 54 বছৰীয়া অভিনেতাগৰাকীয়ে ৰাম সেতু টিজাৰ শ্বেয়াৰ কৰে য’ত জেকলিন ফাৰ্ণাণ্ডেজ আৰু সত্যদেৱেও অভিনয় কৰিছে । তেওঁ পোষ্টটোৰ কেপছনত লিখিছে, "राम सेतु की पहली झलक...মাত্ৰ আপোনাৰ বাবে । বহুত মৰমেৰে বনাইছো, আশাকৰোঁ আপোনালোকে ভাল পাব" ।

ছবিখনৰ টিজাৰটো অত্যন্ত তীব্ৰ যেন অনুমান হয়, কিয়নো ছবিখন যি পটভূমিত নিৰ্মাণ কৰা হৈছে ই এক ৰহস্যজনক ঐতিহাসিক অনুভৱ কৰায় । এই এক্সন-এডভেঞ্চাৰ ছবিখনত কিংবদন্তি ৰাম-সেতুৰ প্ৰকৃত অস্তিত্ব প্ৰমাণ কৰিবলৈ সময়ৰ বিৰুদ্ধে দৌৰি যোৱা এজন পুৰাতত্ত্ববিদৰ কাহিনী উপস্থাপন কৰা হৈছে । ভাৰতীয় সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যত গভীৰভাৱে শিপাই থকা এটা কাহিনী পোহৰলৈ আনিব এই ছবিখনে ।

অক্ষয়ৰ উপৰিও ৰাম সেতুত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জেকলিন ফাৰ্ণাণ্ডেজ, সত্যদেৱ আৰু নুছৰত ভাৰুচ্চাই । অভিষেক শৰ্মাৰ নেতৃত্বত আৰু অৰুণা ভাটিয়া আৰু বিক্ৰম মালহোত্ৰাৰ প্ৰযোজনাত নিৰ্মিত ছবিখনে 25 অক্টোবৰত মুক্তি লাভ কৰিব (Ram Setu release date)।

বক্স অফিচত অজয় দেৱগণৰ ‘থেংক গড’ ছবিখনৰ পিছদিনাই মুক্তি পাব ৰাম সেতু । 24 অক্টোবৰত অজয়ৰ ছবিখন মুক্তি পোৱাৰ কথা । থিয়েটাৰত মুক্তি পোৱাৰ পিছত অতি সোনকালেই এমাজন প্ৰাইমৰ সদস্যসকলৰ বাবেও উপলব্ধ হ’ব ৰাম সেতু ।

ৰাম সেতুৱে শেহতীয়াকৈ শিৰোনাম দখল কৰিছিল যেতিয়া ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুব্ৰমনিয়ম স্বামীয়ে যোৱা মাহৰ শেষৰ ফালে অক্ষয়, জেকলিন আৰু ৰাম সেতুৰ নিৰ্মাতাসহ অন্যান্যসকলৰ বিৰুদ্ধে আইনী জাননী জাৰি কৰিছিল । এই সন্দৰ্ভত স্বামীয়ে টুইটাৰযোগে কয়, "মুম্বাই চিনেমা ৱালাসকলৰ ভুৱা আৰু অপব্যৱহাৰৰ বেয়া অভ্যাস আছে । সেয়েহে তেওঁলোকক বৌদ্ধিক সম্পত্তিৰ অধিকাৰ শিকাবলৈ মই সত্য সভাৰৱাল এডভৰ জৰিয়তে ৰাম সেতু কাহিনী বিকৃত কৰাৰ বাবে চিনে অভিনেতা অক্ষয় কুমাৰ(ভাটিয়া) আৰু আন ৮ জনলৈ আইনী জাননী জাৰি কৰিছো" ৷

লগতে পঢ়ক :Maja Ma trailer:মাজা মাত গুজৰাটী গৃহিণীৰ ৰূপত মাধুৰী দীক্ষিত

ABOUT THE AUTHOR

...view details