চিটাৰা ডেস্ক, 23 মে’: মঙলবাৰে কেদাৰনাথ ধামত উপস্থিত হৈ ভোলানাথৰ আশীৰ্বাদ ল’লে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে (Akshay Kumar in Kedarnath)। ইফালে বাবাৰ ধামত অক্ষয় কুমাৰক দেখি বহু মানুহৰ সমাগম ঘটে । অভিনেতাগৰাকীয়ে সেই স্থানত উপস্থিত থকা লোকসকলক হাত ভাঁজ কৰি সম্ভাষণ জনায় । সম্প্ৰতি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে খিলাড়ি কুমাৰৰ কেদাৰনাথৰ ছবি আৰু ভিডিঅ’ (Akshay Kumar In Uttarakhand) ।
অক্ষয় কুমাৰেও নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত কেদাৰনাথ মন্দিৰৰ এখন ছবি শ্বেয়াৰ কৰিছে, যাৰ কেপচনত তেওঁ হাত ভাঁজ কৰা ইমোজিৰে লিখিছে ‘জয় বাবা ভোলানাথ’। ছবিখনৰ পটভূমিত জীতু শৰ্মাৰ ‘হৰ হৰ শম্ভু শিৱ মহাদেৱ’ গীতটোও সংযোজন কৰিছে অভিনেতাগৰাকীয়ে (Akshay Kumar at Kedarnath dham) ।
উল্লেখ্য যে অক্ষয় কুমাৰৰ আগন্তুক ছবিৰ শ্বুটিং ডেৰাডুনত হ’ব । মঙলবাৰে পুৱা হেলিপেডৰ পৰা বাবা কেদাৰনাথক দৰ্শন কৰিবলৈ ৰাওনা হয় অভিনেতাগৰাকী (Akshay Kumar Visits Kedarnath Temple)। তথ্য অনুসৰি বুধবাৰৰ পৰা ২ দিনৰ বাবে ৰুৰকিলৈ যাব, য’ত তেওঁ নিজৰ প্ৰজেক্টৰ শ্বুটিং কৰিব (Akshay Kumar visits Kedarnath)।