চিটাৰা ডেস্ক, 4 মে’:চুপাৰষ্টাৰ অক্ষয় কুমাৰে বুধবাৰে বলীউডত সম্পূৰ্ণ কৰিলে 30 বছৰ ৷ অনুৰাগীসকলক তেওঁলোকৰ চৰ্তহীন মৰমৰ বাবে ধন্যবাদ জনাই ভাৰতীয় চলচ্চিত্ৰ জগতত তিনি দশকৰ আনন্দ উপভোগ কৰে অভিনেতাজনে ৷ যশ ৰাজ ফিল্মছে প্ৰযোজনা কৰা তেওঁৰ শেহতীয়া চলচ্চিত্ৰ "পৃথ্বীৰাজ"ক লৈ ব্যস্ত হৈ আছে অভিনেতাজন (Akshay Kumar new movie) ৷ সম্ৰাট পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনৰ মুক্তিৰ আগতে প্ৰযোজনা গৃহ যশ ৰাজ ফিল্মছে ছবিখনৰ এখন নতুন পোষ্টাৰ মুকলি কৰি অভিনেতাজনৰ এই সুন্দৰ যাত্ৰা উদযাপন কৰে । পোষ্টাৰখনত এতিয়ালৈকে অক্ষয় কুমাৰে অভিনয় কৰা প্ৰতিখন ছবিৰে ফটো সন্নিৱিষ্ট কৰা আছে ৷
যশ ৰাজ ফিল্মছৰ টুইটাৰ একাউণ্টে এটা ভিডিঅ' পোষ্ট কৰিছে ৷ ভিডিঅ’টোত অক্ষয় কুমাৰে "পৃথ্বীৰাজ"ৰ পৰিচালক চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ উপস্থিতিত বিশেষ পোষ্টাৰখন উন্মোচন কৰিছিল । কুমাৰে কয়, "মই এইটো অনুভৱো কৰা নাছিলো যে মোৰ ৩০ বছৰ সম্পূৰ্ণ হৈছে । মোক এই উপহাৰটো দিয়াৰ বাবে আদিত্য চোপ্ৰাক ধন্যবাদ । মোৰ এতিয়াও মনত আছে যে মই উটিত মোৰ প্ৰথম শ্বটটো দিছিলো, বব ক্ৰিষ্টোৰ সৈতে এইটো এটা এক্সন শ্বট আছিল" ( Akshay Kumar upcoming movie)। 100 খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰা অক্ষয় কুমাৰে ভিডিঅ’টোত এইদৰে কয় ( Akshay Kumar bollywood careeer) ।