অসম

assam

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 3:25 PM IST

ETV Bharat / entertainment

শ্বাহৰুখ-প্ৰীতিৰ পিচত ক্ৰিকেট দলৰ স্বত্বাধিকাৰী হ’ল অক্ষয় কুমাৰ, কোনটো দল ক্ৰয় কৰিলে ?

Akshay Kumar Cricket Team: অক্ষয় কুমাৰো ক্ৰয় কৰিলে এটা ক্ৰিকেট দল । নিউ ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগত শ্ৰীনগৰ দলক ক্ৰয় কৰিছে অক্ষয় কুমাৰে ।

Akshay Kumar becomes owner of srinagar team in Indian street premiere league ispl
ক্ৰিকেট দলৰ স্বত্বাধিকাৰী হ’ল অক্ষয় কুমাৰ

চিটাৰা ডেস্ক, ১২ ডিচেম্বৰ : অভিনয়ৰ লগতে ক্ৰিকেটৰ প্ৰতিও বহু বলিউড ছুপাৰষ্টাৰৰ আগ্ৰহ দেখা পোৱা যায় । আনকি বহু চেলিব্ৰিটি বহু ক্ৰিকেট দলৰ স্বত্বাধিকাৰীও । ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি জুহি চাওলা আৰু প্ৰীতি জিন্টালৈকে তাৰকাৰ নাম । এতিয়া বলীউডৰ খিলাড়ি কুমাৰ অৰ্থাৎ অক্ষয় কুমাৰৰ নামো এই তালিকাত যোগ হৈছে । হয়, অক্ষয় কুমাৰো এতিয়া এটা ক্ৰিকেট দলৰ স্বত্বাধিকাৰী হৈ পৰিছে ।

কোনটো ক্ৰিকেট দল ক্ৰয় কৰিলে অক্ষয় কুমাৰে ?

ক্ৰিকেট দলৰ মালিক ছুপাৰষ্টাৰৰ লীগত যোগদান কৰিছে অক্ষয় কুমাৰে । শেহতীয়াকৈ অভিনেতাগৰাকীয়ে নতুন ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগত শ্ৰীনগৰৰ এটা দল ক্ৰয় কৰিছে, যিটো টেন’ৰ বল টি-১০ ক্ৰিকেট টুৰ্ণামেন্টৰ প্ৰথমখন প্ৰতিযোগিতা । যিটো ২০২৪ চনৰ ২ মাৰ্চৰ পৰা ৯ মাৰ্চলৈকে ষ্টেডিয়ামৰ ভিতৰত অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, অক্ষয় কুমাৰৰ ক্ৰীড়া আৰু যুদ্ধ কলাৰ প্ৰতি আকৰ্ষণ আছে ৷ শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত অক্ষয় কুমাৰে কয়, ‘‘আই এছ পি এল আৰু শ্ৰীনগৰ দলৰ অংশ হ’বলৈ পাই মই ৰোমাঞ্চিত হৈছো । এই প্ৰতিযোগিতাখনে ক্ৰিকেটৰ জগতখনত গেম চেঞ্জাৰ হোৱাৰ প্ৰতিশ্ৰুতি দিছে আৰু মই এই অনন্য ক্ৰীড়া প্ৰচেষ্টাৰ বাবে আগ্ৰহী ।" ইফালে খোদ অক্ষয় কুমাৰে ইনষ্টাগ্ৰামত পোষ্ট কৰি ক্ৰিকেট দলৰ মালিক হোৱাৰ কথা ঘোষণা কৰিছে ।

অক্ষয় কুমাৰৰ ৱৰ্কফ্ৰন্ট

অক্ষয় কুমাৰৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অভিনেতাগৰাকী বৰ্তমান এখন হিট ছবিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । কিয়নো বিগত সময়চোৱাত অক্ষয় কুমাৰৰ বহু ছবি একেৰাহে ফ্লপ হৈছে ৷ আনকি শেহতীয়াকৈ মুক্তি পোৱা মিছন ৰাণীগঞ্জ ছবিখনেও বক্স অফিচত দেখুৱাব নোৱাৰিলে ভাল ফলাফল । কিন্তু এতিয়া অভিনেতাগৰাকীয়ে আশা কৰিছে যে ২০২৪ বৰ্ষত তেওঁৰ ভাগ্য সলনি হ’ব আৰু তেওঁ ছবিবোৰ বক্স অফিচত হিট হ’ব ৷ ইফালে অহা বছৰ অক্ষয় কুমাৰ অভিনীত আলী আৰু আব্বাছ জাফৰৰ পৰিচালিত ‘বড়ে মিয়া ছোটে মিয়া’ ছবিখন মুক্তি পাব ৷ এই ছবিখন এপ্ৰিল মাহত ঈদত মুক্তি পাব । ‘বড়ে মিয়া ছোটে মিয়া’ ছবিখনত টাইগাৰ শ্ৰফকো তেওঁৰ সৈতে দেখা যাব আৰু আশা কৰা হৈছে এই ছবিখন বক্স অফিচত হিট ৰূপে পৰিগণিত হ’ব ৷ এতিয়া হিট হ’ব নে নাই সেয়া মুক্তিৰ পিচতহে ক’ব পৰা যাব ।

লগতে পঢ়ক:ব্যতিক্ৰমী ষষ্ঠ বিবাহ বাৰ্ষিকী উদযাপন বিৰাট-অনুষ্কাৰ, চাওক ফটো

ABOUT THE AUTHOR

...view details