অসম

assam

Housefull 5 release date: পুনৰ দৰ্শকক হহুৱাবলৈ সাজু অক্ষয়-ছাজিদ, এই দিনটোতে ছবিগৃহত মুক্তি পাব Housefull 5

অক্ষয় কুমাৰে নিজৰ অনুৰাগীৰ কৰিছে এক ডাঙৰ বাবে ঘোষণা ৷ অতি শীঘ্ৰে মুক্তি লাভ কৰিব Housefull 5 ৷ ইনষ্টাগ্ৰামযোগে অভিনেতাগৰাকীয়ে জনালে এই খবৰ ৷

By

Published : Jun 30, 2023, 1:57 PM IST

Published : Jun 30, 2023, 1:57 PM IST

Updated : Jun 30, 2023, 3:07 PM IST

Akshay Kumar announced 'Housefull 5' release, know when the film will be released
পুনৰ দৰ্শকক হহুৱাবলৈ সাজু অক্ষয়-ছাজিদ, এই দিনটোতে ছবিগৃহত মুক্তি পাব Housefull 5

চিটাৰা ডেস্ক, 30 জুন: অক্ষয় কুমাৰ নিজৰ শ্ৰেষ্ঠ ছবিৰ বাবে পৰিচিত । ডাঙৰ পৰ্দাত তেওঁৰ কমেডী দক্ষতাও আছে । অক্ষয়ে বহু কমেডী ছবিত কাম কৰিছে । বৰ্তমান নিজৰ অনুৰাগীক তেওঁ দিছে এক গুড নিউজ ৷ খবৰ আহিছে যে অক্ষয় কুমাৰে সাজিদ নাদিয়াদৱালাৰ ছবি Housefull 5ৰ বাবে অভিনয় কৰিবলৈ গৈ আছে । এই বিষয়ে অক্ষয়ে নিজেই অৱগত কৰিছে আৰু এই ছবিখন কেতিয়া ছবিগৃহত মুক্তি পাব সেই কথাও ইতিমধ্যে দৰ্শকক জনাইছে । উল্লেখ্য যে হাউছফুলৰ আটাইকেইটা ফ্ৰেঞ্চাইজিতে অভিনয় কৰা অভিনেতাগৰাকীৰ এই খবৰে তেওঁৰ অনুৰাগীক খুবেই আনন্দ দিছে ৷

অক্ষয় কুমাৰৰ ঘোষণা

ছ’চিয়েল মিডিয়াত ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে অক্ষয় কুমাৰে । এতিয়া অক্ষয় কুমাৰৰ Housefull 5 ঘোষণাৰ পিছত অনুৰাগীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে । অক্ষয় কুমাৰে নিজৰ পোষ্টত লিখিছে, পাঁচগুণ উন্মাদনাৰ বাবে সাজু হওক, সাজিদ নাদিয়াদৱালাৰ ছবিখন পৰিচালনা কৰিব তৰণ মনছুখানীয়ে । আপোনালোকক কৈ দিও যে, যি সময়ত সাজিদ নাদিয়াদৱালাৰ ছবি সত্যপ্ৰেম কি কথাই অনুৰাগীৰ মন জয় কৰিছে সেই সময়ত Housefull 5 ঘোষণা কৰা হৈছে ।

কেতিয়া মুক্তি লাভ কৰিব ছবিখন ?

কৈ দিও যে, ২০২৪ চনৰ দীপাৱলী উপলক্ষে মুক্তি লাভ কৰিব অক্ষয় কুমাৰৰ ছবি Housefull 5 । একে সময়তে অক্ষয়ৰ অনুৰাগীৰ বাবে আশ্চৰ্যজনক কথাটো হ’ল ২০২৪ চনৰ দীপাৱলীত ছলমান খানৰ ছবি প্ৰেম কি শাদি, অজয় ​​দেৱগনৰ সিংঘম ৩, হেৰা ফেৰী ৩ আৰু কাৰ্তিক আৰিয়ানৰ ভূল ভূলাইয়া-৩ ছবি মুক্তিৰ বাবে সাজু হৈছে । এনে পৰিস্থিতিত ২০২৪ চনৰ দীপাৱলীত বক্স অফিচত এক ডাঙৰ ধামাকা হ’বলৈ গৈ আছে ।

লগতে পঢ়ক:Udd Jaa Kaale Kaava Song Release: পুনৰ দেখিবলৈ পোৱা গ’ল তাৰা সিং-ছাকিনাৰ ৰোমান্স, মুক্তি পালে ‘গদৰ 2’ৰ প্ৰথমটো গীত

লগতে পঢ়ক:Satyaprem Ki Katha Review: দৰ্শকে খুবেই পচন্দ কৰিছে কাৰ্তিক-কিয়াৰাৰ সত্যপ্ৰেম কি কথা, ক'লে - 'ব্লকবাষ্টাৰ হ'ব এইখন ছবি'

Last Updated : Jun 30, 2023, 3:07 PM IST

ABOUT THE AUTHOR

...view details