অসম

assam

ETV Bharat / entertainment

Akshay Kumar movies:অক্ষয় কুমাৰৰ কোন কেইখন চিনেমাই 100 কোটিলৈকে উপাৰ্জন কৰিছিল জানেনে ? - অক্ষয় কুমাৰৰ বয়স

আজি বলীউডৰ খিলাড়ী অক্ষয় কুমাৰৰ 55 সংখ্যক জন্মদিন ৷ অক্ষয় কুমাৰ বুলিলেই এখন হাঁহিমুখীয়া চেহেৰা সকলোৰে মনলৈ আহে ৷ সেই অক্ষয়েই বলীউডক দি থৈছে বহুকেইখন সফল ছবি (Akshay Kumar movies) ৷ বৰ্তমানলৈকে তেওঁৰ মুঠ 13 খন ছবিয়ে 100 কোটিৰ ক্লাবত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে । জানোচোন আহক কোনকেইখন ছবিয়ে সৰ্বাধিক উপাৰ্জন কৰিছিল -

Akshay Kumar
অক্ষয় কুমাৰ

By

Published : Sep 9, 2022, 10:44 AM IST

Updated : Sep 9, 2022, 2:29 PM IST

চিটাৰা ডেস্ক, 9 ছেপ্টেম্বৰ : বলীউড খিলাড়ী অক্ষয় কুমাৰে আজি উদযাপন কৰিছে 55 সংখ্যক জন্মদিন (Akshay Kumar age) ৷ অভিনেতাজনৰ জন্মদিনৰ বিশেষ দিনটোত জানো আহক তেওঁৰ বিষয়ে কিছু কথা ৷ এটা সময় আছিল বলীউডত যেতিয়া অভিনেতাজনৰ বেছিভাগ ছবিয়েই ফ্লপ হৈছিল ৷ কিন্তু হাৰ মনা নাছিল অক্ষয়ে ৷ আজি সেই বাবেই হয়তো বলীউডত খিলাড়ী নামেৰে জনাজাত অক্ষয় ৷

অক্ষয় কুমাৰৰ চিনেমা

বৰ্তমান অক্ষয় বলীউডৰ এজন আগশাৰীৰ অভিনেতা ৷ অক্ষয় কুমাৰৰ শীৰ্ষ উপাৰ্জনকাৰী ছবিসমূহৰ ভিতৰত প্ৰায় এক ডজনৰো অধিক চিনেমা আছে ৷ এই ছবিবোৰে বক্স অফিচত 100 কোটিৰো অধিক উপাৰ্জন কৰিছিল ৷ এটা চলচ্চিত্ৰ ৱেবছাইটে অক্ষয় কুমাৰৰ ছবিৰ সৈতে জড়িত তথ্য প্ৰকাশ কৰি কয় যে 100 কোটিৰ ক্লাবটোত তেওঁৰ মুঠ 13 খন ছবি গণনা কৰা হয়, যিবোৰে 2012 চনৰ পৰা 2019 চনৰ ভিতৰত 100 কোটিৰ সীমা অতিক্ৰম কৰিছিল ।

আজি অভিনেতাজনৰ জন্মদিনটোত জানো আহক 100 কোটি উপাৰ্জন কৰা তেওঁৰ 13 খন ছবিৰ ভিতৰত কোনখন ছবি শীৰ্ষত আছে ৷ 100 কোটি টকা উপাৰ্জন কৰা অক্ষয় কুমাৰৰ ছবিসমূহৰ ভিতৰত আছে গুড নিউজ, হাউচফুল 4, টয়লেট-এক প্ৰেম কথা, জলি এল এল বি 2, ৰুস্তম, হাউচফুল 3, এয়াৰলিফ্ট, হলিডে, ৰাউডি ৰাঠৌৰ আৰু হাউচফুল 2 দৰে চিনেমা (Akshay Kumar movies) ৷

অক্ষয় কুমাৰ

অক্ষয় কুমাৰক এতিয়া দেখা গৈছে মানসিক থ্ৰিলাৰ ছবি ‘Cuttputlli’ত । 2 ছেপ্টেম্বৰত ডিজিটেল ৰূপত মুক্তি পোৱা এই ছবিখন দৰ্শকে আদৰি লৈছে । এই ছবিখনৰ বিষয়ে কওঁতে অভিনেতা গৰাকীয়ে তেওঁৰ চুপাৰহিট ছবি ‘খিলাড়ী’ৰ বিষয়েও আলোচনা কৰে । অক্ষয় কুমাৰে কয়, "মই সদায় নিজকে পুনৰ আৱিষ্কাৰ কৰি ইতিমধ্যে থকাখিনিৰ জৰিয়তে ওপৰলৈ যোৱাত বিশ্বাস কৰি আহিছো । 'খিলাড়ী' মোৰ বাবে এটাতকৈ অধিক দিশত এখন বিশেষ ছবি আছিল, মোৰ জীৱন সলনি কৰা থ্ৰিলাৰ ছবি যিয়ে মোৰ পৰিচয় প্ৰতিষ্ঠা কৰিছিল ছবিজগতত" ৷

অক্ষয় কুমাৰে কৈছিল যে এই আটাইকেইটা বছৰ তেওঁ থ্ৰিলাৰ ধাৰাটোত অকল্পনীয় উপাদান থকা এখন চিত্ৰনাট্য বিচাৰি আছিল । তেওঁ কয়, ‘Cuttputlli’ ত মই মোৰ পছন্দৰ সোৱাদ বিচাৰি পাইছো যিখন ছবিয়ে মোক সম্পূৰ্ণ ৰোমাঞ্চিত কৰি তুলিছে । পুনৰ পূজা এণ্টাৰটেইনমেণ্ট আৰু ৰঞ্জিতৰ সৈতে কাম কৰি ভাল লাগিল" ৷

লগতে পঢ়ক :Brahmastra: শ্বমছেৰাৰ ব্যৰ্থতা সন্দৰ্ভত মুখ খুলিলে ৰণবীৰে

Last Updated : Sep 9, 2022, 2:29 PM IST

ABOUT THE AUTHOR

...view details