চিটাৰা ডেস্ক, ৭ ছেপ্টেম্বৰ: আহি আছে অজয় দেৱগনৰ এখন নতুন ছবি ৷ ছবিখনক অজয় দেৱগনক দেখা যাব এখন কল্পনাতীত অলৌকিক থ্ৰিলাৰত । বৃহস্পতিবাৰে ঘোষণা কৰিছে অজয়ৰ আগন্তুক ছবিৰ মুক্তিৰ কথা ৷ অৱশ্যে ছবিখনৰ শিৰোনাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই । বিশেষ কথাটো হ’ল অজয়ৰ লগতে আৰ মাধৱন আৰু দক্ষিণ চিনেমাৰ প্ৰবীণ অভিনেত্ৰী জ্যোতিকাক মুখ্য চৰিত্ৰত দেখা যাব ।
এইখন ছবিত একেলগে দেখা যাব অজয়, মাধৱন আৰু জ্যোতিকা
হিন্দী চিনেমাৰ কিংবদন্তি অজয় দেৱগন, আৰ মাধৱন আৰু জ্যোতিকাক একেলগে পৰ্দাত দেখাটো অনুৰাগীৰ বাবে এক ছুপাৰ ট্ৰিট । ৭ ছেপ্টেম্বৰত অজয় দেৱগনে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত আগন্তুক ছবিখনৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰি বহু তথ্য দিছে ।
এই পোষ্টটোত অজয়ে কৈছে- "কিছুমান কথাই অলৌকিক ৰূপ ল’বলৈ ওলাইছে। বিকাশ বাহলৰ পৰিচালনাত হ’বলগীয়া এখন শিহৰণকাৰী থ্ৰিলাৰত আৰ মাধৱন আৰু জ্যোতিকাৰ ট্ৰাইঅ’ৰ সাক্ষী হ’বলৈ সাজু হওক । ২০২৪ চনৰ ৮ মাৰ্চত আপুনি এই ছবিখন চিনেমাগৃহত চাবলৈ পাব ।'' এইদৰেই ঘোষণা কৰিছে অজয় দেৱগনে তেওঁৰ আগন্তুক অলৌকিক থ্ৰিলাৰ ছবিখনৰ বিষয়ে । অজয়ৰ এই পোষ্টটো পোহৰলৈ অহাৰ পিচতে সকলোৱে এই ছবিখনৰ বাবে অপেক্ষা কৰা বুলি মন্তব্য কৰিছে ৷